তিনিচুকীয়া, 19 ছেপ্টেম্বৰ :বাঘজান কাণ্ডৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল । ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজান BGN 5 নং তৈলখাদত সংঘটিত হৈছিল অভিশপ্ত অগ্নিকাণ্ড । যিটো ঘটনাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল । ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতি হৈছিল বাঘজানবাসীৰ ঘৰ-বাৰী, সা-সম্পত্তি, কৃষিভূমি, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, পক্ষী বিচৰণস্থলী মাগুৰি মতাপুং বিলৰ লগতে আন বহুতো । শাৰীৰিক আৰু মানসিকভাৱেও ভাগি পৰিছিল বাঘজানবাসী ।
আনহাতে, বাঘজান কাণ্ডৰ ফলত মৃত্যু হৈছিল চাৰিজনকৈ লোকৰ । অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুৰ্লভ গগৈ, তিখেশ্বৰ নেওগ, অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ আৰু স্থানীয় বাসিন্দা শুক্লেশ্বৰ নেওগৰ । উদ্ভৱ হৈছিল এক অৱৰ্ণনীয় পৰিস্থিতিৰ, যিটো হয়তো সহজে পাহৰি যোৱাটো সম্ভৱ নহয় ।
প্ৰায় ছমাহৰ অন্তত অগ্নিকাণ্ড নিৰ্বাপিত হ'ল । কিন্তু মানুহৰ মনৰ জুই যেন এতিয়াও নিৰ্বাপিত হোৱা নাই । বাঘজান কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো বাঘজানবাসীয়ে পোৱা নাই উপযুক্ত তথা চূড়ান্ত ক্ষতিপূৰণ । যাৰবাবে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজানবাসীয়ে । কিন্তু অতি আশ্বৰ্যকৰ কথা যে, তেনে সময়তে বাঘজান অঞ্চলত পুনৰ অইল খননৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।