ধেমাজি, তিনিচুকীয়া, চিৰাঙ, 1 অক্টোবৰঃধেমাজিত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ ৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মঙলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ জিলাখনৰ দুই শতাধিক প্ৰতিবাদীয়ে এন জি অ’ গ’ বেক , এন জিঅ হায় হায় , ৰন্ধন কৰ্মীৰ মজুৰি আদায় দিয়ক আদি শ্লগানেৰে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয় ৷ সংগঠনটোৰ অভিযোগ অনুসৰি অসমত মধ্যাহ্ন ভোজন আচঁনিখন বৰ্তমান বেচৰকাৰী সংস্থাক গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ উক্ত সিদ্ধান্ত কৰ্যকৰী কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে হেৰুৱাৱ চাকৰি ৷ সেয়ে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰা আৰু আৰু মাননি বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰন্ধন কৰ্মীসকলে ৷
ধেমাজিৰ সমান্তৰালকৈ চিৰাঙতো মধ্যাহ্ন ভোজন কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কাজলগাঁও বজাৰ প্ৰাঙ্গণৰ পৰা সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে সমদল উলিয়াই তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ প্ৰাঙ্গন উত্তাল কৰি তোলে ৷ ৰন্ধনকৰ্মী সকলৰ দৈনিক মজুৰি ৬০০ টকালৈ ধাৰ্য কৰা, ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷ পৰবৰ্ত্তী সময়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চিৰাং জিলা সমিতিৰ পৰা সৰ্বশিক্ষা DMC ৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ চৰকাৰে তেওঁলোকৰ আন্দোলনক গুৰুত্ব আৰোপ নকৰি মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাৰ হাতত গটোৱাৰ যি প্ৰস্তুতি চলাইছে, সেইটো কাৰ্যকৰী হ’লে মধ্যাহ্ন ভোজন যোগানকাৰী বেচৰকাৰী সংস্থাৰ বাহন জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকৰী সকলে ৷