অসম

assam

By

Published : Jun 1, 2020, 9:32 AM IST

ETV Bharat / state

গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ যুৱতীৰ

অভিযোগ অনুসৰি বিগত তিনিটা বছৰ ধৰি যুৱতী গৰাকীৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলাই মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছে গৃহৰক্ষী বাহিনীৰ জোৱান কিমন জ্যোতি হাজৰিকাই ৷

Mental harassment allegation against a home guard of Assam
ডুমডুমাত গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ

ডুমডুমা, 1 জুন: ডুমডুমা আৰক্ষী থানাৰ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে যুৱতীক মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰি ডুমডুমা আৰক্ষী থানাতেই এজাহাৰ দাখিল কৰিছে এগৰাকী অসহায় যুৱতীয়ে ৷ অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত কিমন জ্যোতি হাজৰিকাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে ৷ মহিলা গৰাকীৰ অভিযোগ অনুসৰি বিগত তিনিটা বছৰ ধৰি যুৱতী গৰাকীৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলাই মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছে গৃহৰক্ষী বাহিনীৰ জোৱান কিমন জ্যোতি হাজৰিকাই ৷

ডুমডুমাত গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ

যুৱতী গৰাকীয়ে বহুবাৰ যুৱক জনক এনে কাৰ্য নকৰিবলৈ সতৰ্ক কৰাৰ পাছতো বাৰে বাৰে যুৱতী গৰাকীৰ বিৰুদ্ধে অপ-প্ৰচাৰত লিপ্ত আছিল গৃহৰক্ষী বাহিনীৰ জোৱান গৰাকী ৷ পৰিপেক্ষিতত নিৰুপাই হৈ অৱশেষত আৰক্ষীৰ কাষ চাপে ভুক্তিভোগী যুৱতী গৰাকী ।

গৃহৰক্ষী বাহিনীৰ জোৱান কিমন জ্যোতি হাজৰিকা

ইতিমধ্যে যুৱক জনৰ বিৰুদ্ধে ডুমডুমা আৰক্ষী থানাত U/S -354/294/506 ধাৰাত ৰজু হৈছে এক গোচৰ ৷ অভিযোগ অনুসৰি, গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত যুৱক জনৰ বিৰুদ্ধে পূৰ্বতেও এনে কৰ্মৰ কেইবাটাও গোচৰ থকাৰ কথা জানিব পৰা গৈছে । ইফালে, গৃহৰক্ষী বাহিনীৰ জোৱান কিমন জ্যোতি হাজৰিকা বৰ্তমান পলাতক হৈ আছে । অসম আৰক্ষীৰ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগে লজ্জানত কৰিছে আৰক্ষী বিভাগটোক ৷ উল্লেখ্যে যে, অভিযোগকাৰী যুৱতী গৰাকী LIC ৰ এজেন্ট হিচাপে কৰ্মৰত হৈ থকাৰ লগতে এখন মন্টেশ্বৰী স্কুলৰ শিক্ষয়িত্ৰী ৷

লগতে পঢ়কঃ মঙলবাৰে 'Getting Growth Back' আঁচনিৰ ওপৰত বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details