অসম

assam

ETV Bharat / state

প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক - মাগুৰি মতাপুং বিল

২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী মাগুৰি মতাপুং বিললৈ প্ৰায় 120 বছৰৰ পিছত আহিছে আপুৰুগীয়া মেণ্ডাৰিন ডাক ৷

প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক
প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

By

Published : Feb 15, 2021, 3:46 PM IST

তিনিচুকীয়া,15ফেব্ৰুৱাৰী: বিগত বৰ্ষত সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল মাগুৰি মতাপুং বিল ৷ ২৮৫ বিধৰো অধিক প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী এই বিল ৷ মাগুৰি মতাপুং বিললৈ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ ৷

অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

সমান্তৰালকৈ আগমন ঘটে দেশী বিদেশী পৰ্যটকৰ ৷ বিলখনৰ নান্দনিক দৃশ্যই হাত বাউল দি মাতে পৰ্যটকক ৷ শেহতীয়াভাৱে এই বিলত দেখা গৈছে বিশেষ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ৷ নাম যাৰ মেণ্ডাৰিন ডাক ৷

প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

স্থানীয় পক্ষী নিৰীক্ষক বিনন্দ হাতীবৰুৱাৰ সৈতে অহা এটা দলে বিলখনত এই চৰাইবিধ প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পূৰ্বে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজার্ভৰ সাতভনী বিলত পোৱা গৈছিল ধুনীয়া চৰাইবিধৰ অস্তিত্ব ৷

প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

সকলো সময়তে কিন্তু দেখা নাযায় এই পক্ষীবিধ ৷ প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত এই আপুৰুগীয়া মেণ্ডাৰিন ডাক প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰিছে পৰ্যটক ৷

জাপান, কোৰিয়া, ৰাছিয়া আদি দেশত সহজলভ্য এই পক্ষীবিধে এতিয়া বিচৰণ কৰিছে মাগুৰি মতাপুং বিলত ৷ আপুৰুগীয়া চৰাইবিধক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে সকলোৱে অপেক্ষা কৰিছে অধীৰ আগ্ৰহেৰে ৷

লগতে পঢ়ক:বৃন্দাবনত শীঘ্ৰেই প্ৰতিষ্ঠা হ'ব নামঘৰ: বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা

ABOUT THE AUTHOR

...view details