শদিয়া,7 ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত দেওবাৰে শুভাৰম্ভণি কৰা হয় স্বৰ্গীয় পল্লৱজ্যোতি মৰাণ সোৱঁৰণি উদ্যানৰ কাম ৷ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ আঢ়ৈ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া উদ্যানৰ কাম শুভাৰম্ভ কৰে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য কেশৱ দত্তই ৷
উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কাকপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষিমা হাজৰিকা, ৱাৰ্ড সদস্যা, মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, সাংবাদিক আৰু সচেতন ৰাইজ ৷ উল্লেখ্য যে, প্ৰয়াত পল্লৱজ্যোতি মৰাণ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিবাহ কৰি থকাৰ সময়তেই অৰুণাচল প্ৰদেশৰ নামচাইত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল ৷