হাতত বেলচা লৈ ডুমডুমাত প্ৰদান বৰুৱা - প্ৰদান বৰুৱা
বোকা-পানী গচকি এক অনন্য ৰূপত ৰাইজৰ মাজত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ৷
ডুমডুমা, 15 চেপ্তেম্বৰ: দেওবাৰে ডুমডুমা চহৰত এক বিশেষ ৰূপত দেখা গ'ল লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক ৷ বোকা-পানী গচকি হাতত বেলচা লৈ ডুমডুমা চহৰত সাংসদ পুজিৰ পৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে মেৰামতি হৈ থকা বহুকেইটা পথ-উপপথ পুনৰ মেৰামতিৰ কাৰ্যত হাতে-কামে লাগিল সাংসদজন ৷ উল্লেখযোগ্য যে, অতি বেয়া অৱস্থালৈ গতি কৰা ডুমডুমা চহৰৰ পথ মেৰামতিৰ কাৰ্যত সাংসদগৰাকীয়ে হাতে-কামে লগা কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে সাংসদ প্ৰদান বৰুৱাৰ এই পথ মেৰামতি কাৰ্যসূচীত উপস্থিত থাকি সাংসদগৰাকীক সহায় আগবঢ়াই ডুমডুমা নগৰ সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলৰ বহুসংখ্যক নেতা-কৰ্মীয়ে ৷