অসম

assam

ETV Bharat / state

DC meeting in Tinsukia: পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সাজু তিনিচুকীয়া জিলা পথ সুৰক্ষা সমিতি

তিনিচুকীয়াত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক । পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ জিলাতে যান-বাহন আইন কঠোৰভাবে বলৱৎ কৰিবলৈ নিৰ্দেশ জিলা আয়ুক্ত স্বপ্নীল পালৰ (Meetings to prevent road accidents in Tinsukia) ।

By

Published : Jun 9, 2023, 10:54 PM IST

Meetings to prevent road accidents in Tinsukia
পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সাজু জিলা পথ সুৰক্ষা সমিতি

তিনিচুকীয়া,৯ জুন:তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শুকুৰবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Tinsukia DC Swapnil Pal) । সমগ্ৰ জিলাতে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ তথা পথ দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আৰক্ষী তথা পৰিবহন বিভাগক আৰু অধিক সষ্টম হবলৈ নিৰ্দেশ প্ৰদান কৰে (DC meeting in Tinsukia) ।

পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সাজু জিলা পথ সুৰক্ষা সমিতি

সমগ্ৰ জিলাতে যান-বাহন আইন কঠোৰ ভাবে বলৱৎ কৰাৰ লগতে যান-বাহন আইনৰ নীতি নিৰ্দেশনা উলংঘাকাৰীক কোনোপধ্যেই ৰেহাই নিদিবলৈ আয়ুক্তই সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰে । সভাত আয়ুক্ত স্বপ্নীল পালে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিৰ তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিব পৰাকৈ চিকিৎসা বিভাগক সকলা সময়তে সষ্টম হৈ থাকিবলৈ আহ্বান জনায় (Meetings to prevent road accidents in Tinsukia) ।

জিলা আয়ুক্তগৰাকীয়ে উদণ্ড তথা সুৰাপায়ী চালকক কোনোপধ্যেই ৰেহাই নিদিবলৈ জিলা পৰিবহন তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে । ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিনাক্ত কৰি পৰিৱহন তথা আৰক্ষী বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । শুকুৰবাৰে পথ সুৰক্ষা সমিতিৰ বৈঠকতে জিলা আয়ুক্তই সমগ্ৰ জিলাখনতে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিভাগক নিৰ্দেশ দিয়ে ।

আয়ুক্তই আৰক্ষী আৰু জিলা পৰিবহন বিভাগক তীব্ৰ বেগত যাত্ৰা কৰা তথা অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে । আনহাতে, ভগ্ন অৱস্থাত থকা পথ সমূহ চিনাক্ত কৰি তাৎক্ষণিক মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আয়ুক্তগৰাকীয়ে লোকনিৰ্মাণ পথ বিভাগক নিৰ্দেশ দিয়ে ।

এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত প্ৰমুখ্যে জিলাখনৰ আৰক্ষী বিভাগ, যান-বাহন আৰক্ষীৰ বিষয়ববীয়া, পৰিৱহন বিভাগ, লোকনিৰ্মাণ বিভাগ, আবকাৰী তথা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মুৰব্বী বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Assam cabinet meeting: জানি লওক শুকুৰবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details