তিনিচুকীয়া, 28 জুন: মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মঙলবাৰে তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমা, কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ব শাষিত্ব পৰিষদ প্ৰদান কৰা, তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তি চিহ্নসমূহ দখলমুক্ত কৰাৰ লগতে সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্দ্ধনৰ ব্যৱস্থা কৰা, চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, ডিৰাক চুমনি মথাউৰিৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰোপৰি ডিৰাক, কাকপথাৰ, ডুমডুমা অঞ্চলৰ গ্ৰাম্য পথসমূহ পকীকৰণৰ ব্যৱস্থা কৰা, ডুমডুমা অঞ্চলত এখন চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ লগতে মুঠ 13 টা দাবীৰে সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷