অসম

assam

ETV Bharat / state

তিনিচুকীয়াত গৃহমন্ত্ৰী আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ পুত্তলিকা দাহ - জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ।

Matak community
তিনিচুকীয়াত গৃহমন্ত্ৰী আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ পুতলিকা দাহ

By

Published : Aug 14, 2021, 12:40 PM IST

তিনিচুকীয়া, ১৪ আগষ্ট :মটক জনগোষ্ঠী (Matak community) হৈছে অসমৰ অন্যতম উল্লেখযোগ্য এক জনগোষ্ঠী । কিন্তু আজিলৈ এই জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা (Status of Tribalism) লাভ কৰা নাই । বহু বছৰ ধৰি জনজাতিকৰণৰ দাবীত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই । চৰকাৰৰ বিষয়ববীয়াৰ সৈতে বহু বাৰ আলোচনাও কৰিছে মটক জনগোষ্ঠীৰ সংগঠনসমূহে । শেহতীয়াকৈ বিজেপি চৰকাৰেও বহু আশা দিছিল যদিও আজিলৈ জনজাতিকৰণ নকৰাত পুনৰ সৰৱ হৈ পৰে কেইবাটাও সংগঠন । শুকুৰবাৰৰ দিনটোত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে কেইবাটাও স্থানত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

দুই মন্ত্ৰীৰ পুত্তলিকা দাহ

জিলাখনৰ থানা চাৰিআলিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ (Arjun Munda) পুত্তলিকা দাহ কৰে ।

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মীসকলে । ইফাল এই প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে চৰকাৰক তেওঁলোকৰ দাবী মানি ল'বলৈ আহ্বান জনায় । যদি মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া নহয় তেনেহ'লে ব্যাপক আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ মানৱ শৃংখল

ABOUT THE AUTHOR

...view details