অসম

assam

ETV Bharat / state

মটক সকলে উৰুৱালে গছতলৰ বিহু - গছতলৰ বিহু

ব’হাগৰ উচাহ-উদ্দীপনাৰ মাজতে মটক সকলে উৰুৱালে বিহু ৷ মানুহ বিহুৰ দিনাৰ পৰা আৰম্ভ হোৱা গছতলৰ বিহু সোমবাৰে সামৰণি মাৰে তিনিচুকীয়াৰ জানমুখ বিহুতলীত ৷

মটক সকলে উৰুৱালে গছতলৰ বিহু

By

Published : Apr 30, 2019, 2:12 AM IST

তিনিচুকীয়া,30 এপ্ৰিলঃ ৰঙালীৰ উচাহ-উদ্দীপনা ম্লান পৰিলে ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ মাজত ৷ পহিলা ব’হাগৰ উৰুকা দিনটোৰ পৰা পোন্ধৰদিনীয়া বিহু পালন কৰি মটক সকলে বিহু উৰুৱালে ৷ মানুহ বিহুৰ দিনটোৰ পৰা পৰম্পৰাগত গছতলৰ বিহু পালন কৰি মটক ডেকা-গাভৰু সকলে সোমবাৰে তিনিচুকীয়াৰ জানমুখ বিহুতলীত বিহু সামৰণি মাৰে ৷ বিহু উৰুৱা দিনটোত জানমুখ বিহুতলীত এক উৎসৱমুখৰ পৰিৱেশলৈ পৰ্যৱসিত হয় ৷ তিনিচুকীয়াৰ সকলো মটক ডেকা-গাভৰুৱে বিহুত মতলীয়া হোৱা পৰিলক্ষিত হয় ৷

মটক সকলে উৰুৱালে গছতলৰ বিহু

ABOUT THE AUTHOR

...view details