অসম

assam

ETV Bharat / state

Margherita Rape and murder case update : আৰক্ষীৰ গুলীত পংগু হ’ল মাৰ্ঘেৰিটাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আনন তাঁতী - কিশোৰীক ধৰ্ষণ কৰি হত্যা

কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা আনন তাঁতীৰ ভৰিত দুটাকৈ গুলী আৰক্ষীৰ (Margherita rape case accused encounter) ৷ উন্নত চিকিৎসাৰ কাৰণে মাজনিশা অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ অভিযুক্তটোক ৷

Margherita Rape and murder case update
কিশোৰীক ধৰ্ষণ কৰি হত্যা

By

Published : May 5, 2023, 9:07 AM IST

কিশোৰীক ধৰ্ষণ কৰি হত্যা

তিনিচুকীয়া, ৫ মে’ :তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী ১২ বছৰীয়া কিশোৰীকধৰ্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যত তোলপাৰ সৃষ্টি কৰিছে (Margherita Rape and murder case) ৷ ইয়াৰ মাজতেই অভিযুক্ত আনন তাঁতীক বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে দুটাকৈ গুলীয়ে থকা সৰকা কৰিছে দুয়োটা ভৰি (Margherita rape case accused encounter) ৷

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নেতৃত্বত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে পুৱাৰে পৰা কিশোৰী ধৰ্ষণকাৰী, হত্যাকাৰী আনন তাঁতীৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অভিযান ৷ পৰৱৰ্তী সময়ত বিয়লি ভাগত অৰুণাচল প্ৰদেশৰ দেউমালিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত আনন তাঁতীক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অনাৰ সময়তে আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে অভিযুক্তটোৱে ৷ তেনেতে আৰক্ষীয়ে আনন তাঁতীলৈ নিক্ষেপ কৰে দুটাকৈ গুলী ৷

ফলত আনন তাঁতীৰ দুয়োটা ভৰিতে গুলী লাগে আৰু অভিযুক্তটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Anan Tati did not die) ৷ এই কথা উল্লেখ কৰিছে আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে ৷ পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত অভিযুক্তটোক ততাতৈয়াকৈ আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰে ৷ তাৰ পাচত অভিযুক্তটোৰ উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয় বা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ যো-জা কৰোৱা হয় ৷

কিন্তু অভিযুক্তটোক মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাচতে চিকিৎসালয়ৰ বাহিৰত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি গুলীবিদ্ধ আনন তাঁতীক তিনিচুকীয়া অসামৰিক চিকিৎসালয় বা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাটো বাধা প্ৰদান কৰে ৷

অৱশ্যে চেগ বুজি বৃহস্পতিবাৰে নিশা প্ৰায় 10 বজাত অভিযুক্তটোক জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হয় ৷ তাঁতীক এক্সৰে কৰি কিছু সময় চিকিৎসা কৰাৰ পাচতে মাজনিশা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

এই সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়নুল ইছলামে কয়, ‘‘বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰু অভিযান অব্যাহত ৰখা হৈছে ৷ অতি কম সময়ৰ ভিতৰতে সকলো তথ্য পোহৰলৈ আহিব’’ ৷

লগতে পঢ়ক :Margherita rape case: মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণকাৰীক এনকাউণ্টাৰ; চৰ্চাত আৰক্ষী সঞ্চালক প্ৰধানৰ এটা টুইট

ABOUT THE AUTHOR

...view details