তিনিচুকীয়া, 20 জানুৱাৰী : বুধবাৰৰ মাজনিশাৰ ভিতৰত চৰকাৰে স্থিতি স্পষ্ট নকৰিলে 21 তাৰিখৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয় আৰু বন বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লোৱাৰ হুংকাৰ লাইকা-দধিয়াবাসীৰ ।
উল্লেখ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত TMPK, MMK, TMMK ৰ উদ্যোগত লাইকা-দধিয়াবাসীয়ে 20 ডিচেম্বৰত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদ কৰি এক বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছিল ।
31 টা দিন অতিবাহিত কৰিলে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ প্ৰতিবাদৰ কোনো ইতিবাচক সহাৰি নাপাই তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত জানমুখ লেজাইহুলা চৰকাৰী 12 নং দাগৰ প্ৰায় 10 বিঘাতকৈ অধিক মাটিত 21 ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অৰ্থাৎ 31 টা দিন ধৰি অস্থায়ী শিবিৰ স্থাপন কৰি অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আহিছে প্ৰতিবাদকাৰীয়ে ।
উল্লেখ্য যে, 18 জানুৱাৰীত ধেমাজিৰ জোনাইত অনুষ্ঠিত হোৱা টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভাত মিচিং জাতিটোক শক্তিশালী কৰাৰ স্বাৰ্থত ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰা যি উল্লেখনীয় অৱদান আগবঢ়ালে তাৰ বাবে সংগঠটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে লাইকা-দধিয়াবাসীক শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছিল ।
লগতে পঢ়ক :ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা
লাইকা-দধিয়াবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে এখন উচ্চস্তৰৰ কমিটী গঠন কৰিছে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰাৰ স্বত্বেও চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি মন্তব্য আগবঢ়াই প্ৰতিবাদকাৰী সকলে ।
ইফালে, প্ৰতিবাদকাৰীয়ে 11 তাৰিখে প্ৰতিবাদস্থলীৰ পৰা এখন সাংবাদমেল আয়োজন কৰি জনাইছিল যে, যদি 20 তাৰিখৰ মাজ নিশাৰ ভিতৰত চৰকাৰে দাবী সমূহৰ ক্ষেত্ৰত স্থিতি স্পষ্ট নকৰে, তেন্তে 21 তাৰিখৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয় আৰু বন বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব । সেই অনুপাতে আজি নিশা 12 বজাৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ মানি নললে অহা কাইলৈ অৰ্থাৎ 21 জানুৱাৰীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু বন সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ । আনহাতে, পৰিমল শুক্লবদ্যই লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ সন্দৰ্ভত প্ৰদান কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিবাদকাৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
উল্লেখযোগ্য যে, প্ৰায় 1480 টা পৰিয়ালে নিজৰ জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটিৰ লগতে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীত এক যমৰ যান্ত্ৰণাত দিন ৰাতি কটাবলগা হৈছে ।
লগতে পঢ়ক :গোলাঘাটত নিজ প্ৰাপ্যৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদ