তিনিচুকীয়া, 2 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইন বিৰোধিতাৰে মঙলবাৰে তিনিচুকীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ তিনিচুকীয়া থানা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতি আৰু নিখিল ভাৰত কৃষক সভা আৰু ৰাজ্যিক কৃষক সভাৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
কৃষি আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - নিখিল ভাৰত কৃষক সভা
তিনিচুকীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষি আইন, কা বাতিলৰ দাবীত ৰূপায়ন কৰা হয় প্ৰতিবাদ ৷
![কৃষি আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ Massive Protest In Tinsukiya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9737844-43-9737844-1606904851263.jpg)
কৃষি আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলক ভাৱে কাৰাৰুদ্ধ কৰি ৰখা আপোচহীন গণনেতা অখিল গগৈক মুক্তি দিয়া, ভাৰতৰ সাংবিধানিক কাঠামো ধ্বংসকাৰী 'কা' বাতিল কৰা, বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰা, ক্ষুদ্ৰ নদীবান্ধ আৰু কয়লা তথা গেছ ভিত্তিক বিদ্যুৎ প্ৰকল্প গঢ়ি তোলা আদি বহুকেইটা দাবী আগত ৰাখি এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰতিবাদকাৰীৰ মন্তব্য
লগতে পঢ়ক :বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি বিশ্বনাথৰ পৰা চেন্নাইলৈ 16 গৰাকী ছাত্ৰী