কাকপথাৰ, 12 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্য়াহত থকাৰ মাজতে বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ নিৰূপন অধিসূচনা 2020 বাতিলৰ দাবীত ৰাজ্য়ৰ বিভিন্ন দল সংগঠনকে আদি সচেতন মহলে অব্য়াহত ৰাখিছে প্ৰতিবাদ ৷
CAA আৰু EIA বাতিলৰ দাবীত কাকপথাৰত মানৱ শৃংখল বুধবাৰে পুনৰ CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়া জিলাৰ কাকপথাৰত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাকপথাৰত 'কা’ বিৰোধী মঞ্চ , সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত CAA আৰু EIA বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
CAA আৰু EIA বাতিলৰ দাবীত কাকপথাৰত মানৱ শৃংখল প্ৰতিবাদকাৰী সকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে EIA খচৰা অনতিপলমে বাতিল কৰাৰ সমান্তৰালভাবে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী জনাইছে ৷ অন্যথা পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
CAA আৰু EIA বাতিলৰ দাবীত কাকপথাৰত মানৱ শৃংখল উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু, বৌদ্ধ, জৈন, খীষ্ট্ৰান, পাৰ্চী, শিখকে আদি কৰি 6 টা ধৰ্মালম্বী লোকক ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰা আছে ৷ কিন্তু সংশোধনী আইনত ইছলাম ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰা হোৱা নাই ৷ ইয়াৰ উপৰিও এই আইনৰ আওতাত বহু কেইটা দফাৰ সংশোধন কৰিব বিচৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন 1955 চনৰ দফাৰ ভিত্তিত এই আইনখন সংশোধন কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনখন বিৰোধিতা কৰাৰ উদ্দেশ্য তীব্ৰ আন্দোলন কৰা হৈছিল ৷ কৰ'ণা মহামাৰীৰ বাবে এই আন্দোলন কিছু পৰিমানে স্তিমিত হৈছে যদিও বৰ্তমান পুনৰ এই আন্দোলন তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷
একেদৰে, কেন্দ্ৰীয় বন, জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ্যোগ স্থাপন কৰাৰ বাবে EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ