তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড - Tinsukia
![তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9499802-795-9499802-1605006010752.jpg)
15:38 November 10
ঘটনাস্থলীত উপস্থিত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৷ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী সঞ্জয় কিষাণৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৷
তিনিচুকীয়া,10 নৱেম্বৰ: তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ মাজমজিয়াৰ এছবিআই পথত থকা মেচাৰ্চ শ্যাম মেডিক’জ নামৰ এটা অট্টালিকাৰ পৰা জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ডটো ঘটে ৷ এই পৰ্যন্ত অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷ সম্প্ৰতি অব্যাহত আছে অগ্নি নিৰ্বাপনৰ চেষ্টা ৷
লগতে চাওকঃখাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ