তিনিচুকীয়া, 7 ফেব্ৰুৱাৰী:দেওবাৰে পুৱাৰ ভাগতে তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া বালুগাডা অঞ্চলত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত তিনিটাতকৈও অধিক গুদাম জুইত জাহ যায় ৷ জানিব পৰা মতে, দেওবাৰে পুৱা পৱন চামৰিয়াৰ নামৰ এজন ব্যক্তিৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ প্ৰথমে বিটুমিনৰ এটা গুদামত জুইৰ সূত্ৰপাত ঘটাৰ পাছতে কাষতে থকা অন্য গুদাম সমূহলৈও জুই বিয়পি পৰে ৷
উল্লেখ্য যে, অগ্নিৰ সূত্ৰপাত হোৱা গুদামটো পৱন চামৰিয়া নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে চামৰিয়াৰ গুদামটোত অবৈধভাৱে টাৰ্পলিন আৰু ইলাচি মজুত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ জুইয়ে পলকতে গুদামসমূহ আগুৰি পেলোৱাৰ পাছৰ পৰ্যায়ত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় পাঁচ খনকৈ বাহনে অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷