মাৰ্ঘেৰিটা, 16 জুনঃউত্তৰ-পূৱ কয়লাক্ষেত্ৰ, ক'ল ইণ্ডিয়া লিমিটেডক জীয়াই ৰখাৰ স্বাৰ্থত মাৰ্ঘেৰিটাত আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শেহতীয়াকৈ যোৱা 3 জুন 2020 তাৰিখে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ অধীনত খননত নিয়োজিত মাইনিং কোম্পানী সমূহক এন ই চি/জি এম/2020/34-1 নম্বৰৰ জাননী যোগে মাৰ্ঘেৰিটাৰ প্ৰৱন্ধকগৰাকীয়ে নিৰ্দেশ জাৰি কৰাৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা ।
ক'ল ইণ্ডিয়া কৰ্মচাৰী, মাইনিং কোম্পানীৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ উপৰিও বিভিন্ন দল সংগঠনেও মাৰ্ঘেৰিটাৰ আৰ্থিক ভেটিৰ স্বৰূপ ক'ল ইণ্ডিয়া লিমিটেডক বৰ্তাই ৰখাৰ বাবে অব্যাহত ৰাখিছে ধৰ্ণা, প্ৰতিবাদ কাৰ্যসূচী ।
মঙলবাৰে তাৰেই এক অংশ হিচাপে লিডু কেন্দ্ৰীয় ৰংগমঞ্চত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটা জীয়াই ৰখাৰ স্বাৰ্থত এক গণ অভিবৰ্তন আয়োজন কৰি তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায় । সন্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য বাখ্যা কৰে সম্পাদক ৰাণাজ্যোতি নেওগে ।