বাক্সা,26 মাৰ্চঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ গুৱাবাৰী আৰু কাউলী বজাৰত দেশৰ লক ডাউনৰ সময়তো দৈনিক অব্যাহত গধূলি বজাৰ । বিভিন্ন অজুহাত দেখুৱাই অধিকাংশ লোকে বজাৰলৈ অহা দেখা গৈছে ৷ যি সময়ত বিশ্বৰ লগতে সমগ্ৰ ভাৰতত কৰ’ণা ভাইৰাছৰ আতংক বিৰাজ কৰিছে,তেনে সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ লক ডাউনৰ নিৰ্দেশনা উলংঘা কৰি ফুৰিছে বাক্সাৰ একাংশ লোকে । পৰৱৰ্তী সময়ত বজাৰস্থলত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ বজাৰখন উৎখাত কৰিবলৈ সক্ষম হয় ।
গোৱালপাৰাঃ প্ৰধানমন্ত্ৰীৰ আহ্বানক আওকাণ গোৱালপাৰাৰ আয়নাল বজাৰৰ এচাম লোকৰ । চৰকাৰে সকলোকে নিজৰ ঘৰত আবদ্ধ থাকিবলৈ অনুৰোধ জনোৱা স্বত্বেও জিলাখনৰ আয়নাল বজাৰ আৰু কালু বজাৰত সাধাৰণভাৱে ফুৰা-চকা অব্যাহত ৰাখিছে একাংশই । অৱশ্যে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ গেলামাল দোকানসমূহ খোলাৰ নিৰ্দেশ দিছিল জিলা প্ৰশাসনে । কিন্তু এই নিৰ্দেশক আওকাণ কৰি আয়নাল বজাৰ সন্ধিয়া ৬ বজালৈ খোলা থাকে ৷ বজাৰত যথেষ্ট লোকৰ সমাগম হয় যদিয়ো আৰক্ষীক দেখি বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে দোকান-পোহাৰ এৰি পলাই যায় ৷ বহু বুজনিৰ পিছতো ৰাইজে গুৰুত্ব নিদিয়াত কঠোৰ হ’বলৈ বাধ্য হয় গোৱালপাৰা আৰক্ষী ।