অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাৰ টিৰাপত সলিল সমাধি শিশুৰ - জাগুন আৰক্ষী চকী

মাৰ্ঘেৰিটাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ন-মাইলৰ টিৰাপ নৈত বুধবাৰে সংঘটিত এক শোকাৱহ দুৰ্ঘটনা । স্থানীয় টিৰাপ নৈত পৰি সলিল সমাধি ঘটে এটি সাত বছৰীয়া শিশুৰ ৷

margherita tirap river drown tinsukia assam etv bharat news
শিশুৰ সলিল সমাধি

By

Published : Mar 25, 2020, 6:26 PM IST

মাৰ্ঘেৰিটা,25 মাৰ্চঃ মাৰ্ঘেৰিটাৰ জাগুনৰ ন-মাইল ফুলবাৰী নিবাসী এটি 7 বছৰীয়া শিশু গা ধুবলৈ গৈছিল টিৰাপ নৈত । গা ধুই থকা অৱস্থাতে শিশুটি নৈত পিছলি পৰি সন্ধানহীন হৈ পৰে । অৱশেষত স্থানীয় লোকে শিশুটিক মৃত অৱস্থাত নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃত শিশুটিৰ নাম চোনকো তাঁতী (৭) বুলি জানিব পৰা গৈছে ।

শিশুৰ সলিল সমাধি

উল্লেখ্য যে, টিৰাপ নৈত অবৈধভাৱে জেচিবি ব্যৱহাৰ কৰি একাংশ মাফিয়াই নৈৰ বুকুৰ পৰা শিলগুটি খনন কৰি আহিছে । যাৰ ফলত নৈখনত নোহোৱা হৈ পৰিছে প্ৰাকৃতিকভাৱে নৈৰ বুকুত সৃষ্টি হোৱা দ-বামৰ ভাৰসাম্যতা । এনে খননৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড গাতত পৰি শিশুটিৰ মৃত্যু হয় । শিশুটি উদ্ধাৰ কৰি পৰিয়ালৰ লোকে জাগুন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিয়ো চিকিৎসক নথকাত হাহাকাৰ লাগে পৰিয়ালৰ । কৰ’ণা আতংকৰ বাবে স্থানীয় চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হোৱা বুলি একাংশ লোকে মন্তব্য কৰে ।

লগতে চাওকঃঘৰত থাকিবলৈ অনিচ্ছুক হ'লে থাকিব লাগিব জে'লত !

ABOUT THE AUTHOR

...view details