মাৰ্ঘেৰিটা,27 ছেপ্টেম্বৰঃমাৰ্ঘেৰিটাৰ প্ৰতিভাৱান যুৱতী প্ৰিয়া দেৱনাথ ৷ আৰ্থিক অনাটনৰ পাছতো প্ৰতিভাৰ জৰিয়তে প্ৰমাণ কৰিছে নিজৰ শ্ৰেষ্ঠতা ৷ প্ৰিয়াই গভীৰ অধ্যৱসায়ৰ জড়িয়তে আঁজুৰি আনিছে বিশেষ সন্মান ৷ প্ৰথমে এথলেটিকছ আৰু তাৰ পিছত শৰীৰ চৰ্চা ৷
মাৰ্ঘেৰিটাৰ প্ৰিয়াক কোঙা কৰিব নেকি দৰিদ্ৰতাই ! - প্ৰতিভাৱান যুৱতী প্ৰিয়া দেৱনাথ
বিগত ন বছৰে লাভ কৰিছে জিলা , তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা । শেহতীয়াকৈ বঙাইগাঁৱত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত অৰ্জন কৰিছে মিছ আসাম খিতাপ ৷
বিগত ন বছৰে লাভ কৰিছে জিলা , তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন বঁটা । শেহতীয়াকৈ বঙাইগাঁৱত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত অৰ্জন কৰিছে মিছ আসাম খিতাপ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলাৰ ইচ্ছা থকা যুৱতীগৰাকীয়ে এতিয়া হাৰ মানিব লগা হৈছে দৰিদ্ৰতাৰ ওচৰত ৷ শেহতীয়াকৈ কেৰেলাত অনুষ্ঠিত হ'বলগীয়া এক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে প্ৰিয়া ৷ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে বাধাৰ সন্মুখীন হৈছে প্ৰতিভাৱান যুৱতীগৰাকী ৷ এতিয়া যদি চৰকাৰ তথা সদয়শীল ব্যক্তিয়ে যুৱতীগৰাকীক সহায় আগবঢ়ায় ৷ তেতিয়া হয়টো প্ৰিয়াৰ বাবে বিশ্ব দৰবাৰত পুনৰবাৰ অসমৰ নাম গৌৰৱেৰে উচ্চাৰণ হ'ব ৷