অসম

assam

ETV Bharat / state

বৌদ্ধবিহাৰত সন্দেহযুক্ত বাংলাদেশী ! - মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তে

বৌদ্ধ বিহাৰসমূহত সন্দেহ যুক্ত বিদেশীৰ অনুপ্ৰবেশ ৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ বিহাৰসমূহত সন্দেহ যুক্ত বিদেশীৰ অনুপ্ৰবেশ এই অভিযোগ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তেৰ ৷

বৌদ্ধ ভিক্ষুৰ ৰূপত সন্দেহযুক্ত বাংলাদেশী

By

Published : Sep 11, 2019, 7:52 PM IST

Updated : Sep 11, 2019, 7:58 PM IST

মাৰ্ঘেৰিটা,11 চেপ্টেম্বৰ : উজনি অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ বিহাৰসমূহত সন্দেহ যুক্ত বিদেশীৰ অনুপ্ৰবেশ ঘটাৰ গুৰুতৰ অভিযোগ উঠিছে । এই অভিযোগ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তেৰ ৷ ধৰ্ম প্ৰচাৰৰ অচিলা লৈ একাংশ সন্দেহজনক লোকৰ আগমন ঘটা বুলি অভিযোগ তুলিছে একাংশ থলুৱা বৌদ্ধ ভিক্ষুৱে।

বৌদ্ধ ভিক্ষুৰ ৰূপত সন্দেহযুক্ত বাংলাদেশী

এইবাৰ সন্দেহযুক্ত বাংলাদেশীৰ চকু পবিত্ৰ বৌদ্ধ ভিক্ষুৰ বৌদ্ধ মন্দিৰত ৷ ধৰ্মীয় প্ৰচাৰক ৰূপে আত্মপ্ৰকাশ ঘটাই উজনিৰ বহু কেইটা বৌদ্ধ মন্দিৰত এতিয়া সন্দেহযুক্ত বাংলাদেশীয়ে আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ উজনিৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ একাংশ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মতে, বাংলাদেশী বুলি অভিযোগ উত্থাপিত হৈ অহা এইসকল ভান্তে বাংলাদেশৰ বুলি সম্ভেদ লাভ কৰি RTI কৰাৰ উপৰিও প্ৰশাসনকো জনোৱা হৈছিল। কিন্তু এইক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপিত হৈছে । বহিৰাগত ভান্তেৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰি চিনাক্তকৰণ কৰাৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰ সমিতিয়ে। ইপিনে সমগ্ৰ ঘটনাক প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধৰ্মৰ নামত কোনো বাংলাদেশীক আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। লগতে উজনিৰ একাংশ ভান্তেই সমগ্ৰ বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দৃষ্টিগোচৰ কৰোৱা বুলিও মত প্ৰকাশ কৰে থলুৱা ভান্তেসকলে । শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত সন্দেহযুক্ত বাংলাদেশীৰ ৰম্যভূমি হৈ পৰাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে এই তথ্য পোহৰলৈ অহাত সৰ্বত্ৰে চৰ্চা চলিছে ৷

Last Updated : Sep 11, 2019, 7:58 PM IST

ABOUT THE AUTHOR

...view details