অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত নাৰ্ছৰ ঘৰত চোৰ! - nurse

মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁওত চোৰৰ উপদ্ৰৱ ৷ চলিত মাহটোৰ ভিতৰতেই গাওঁখনৰ ভিন্ন প্ৰান্তৰৰ কেইবাটাও ঘৰত চোৰে ন ন কৌশলেৰে চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷

মাৰ্ঘেৰিটাত নাৰ্ছৰ ঘৰত চোৰৰ সিন্দি

By

Published : Apr 21, 2019, 4:58 AM IST


মাৰ্ঘেৰিটা 21 এপ্ৰিলঃ- মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁওত চোৰৰ উপদ্ৰৱ ৷ যাৰ বাবে গাওঁবাসী তীব্ৰ আতংকত ভুগিছে ৷ চলিত মাহটোৰ ভিতৰতেই গাওঁখনৰ ভিন্ন প্ৰান্তৰৰ কেইবাটাও ঘৰত চোৰে ন ন কৌশলেৰে চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷

মাৰ্ঘেৰিটাত নাৰ্ছৰ ঘৰত চোৰৰ সিন্দি

শুকুৰবাৰে নিশা লিডু ক্ষুদ্ৰ প্ৰাথমিক আৱাসিক অঞ্চলত এক চাঞ্চল্যকৰ চুৰিকাণ্ড ঘটনা সংঘটিত হয় ৷ GNM নাৰ্চ ৰূপে কৰ্মৰত সূৰ্যমালা দেউৰী নামৰ এগৰাকী মহিলাৰ ঘৰত চোৰে ঘৰৰ তলি উদং কৰে ৷ নিশা চিকিৎসালয়ত কৰ্মৰত অৱস্থাত থকা মহলাগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ সা -সম্পতিৰ লগতে নগদ ধন৷ উল্লেখ্য যে চোৰে প্ৰথমে মহিলা গৰাকীৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু ভিতৰৰ সকলো বস্তু লণ্ড-ভণ্ড কৰি লোহাৰৰ এটা আলমাৰি গাড়ীত উঠাই উধাও হয় ৷ য'ত মহিলাগৰাকীৰ বহু পৰিমানৰ সোনৰ আ-অলংকাৰ থকাৰ লগতে নগদ ধন ৩০ হাজাৰ টকা আৰু বহুটো মুল্যবান নথি পত্ৰ থকা বুলি জানিবলৈ দিয়ে৷ প্ৰায় চাৰি লক্ষাধিক টকাৰ সম্পত্তি চুৰি হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

ABOUT THE AUTHOR

...view details