অসম

assam

ETV Bharat / state

তিনিচুকীয়া লিডুৰ উত্তৰ পূব কয়লা ক্ষেত্ৰলৈ নামি আহিছে তীব্ৰ ভাবুকি - ৫ শতাধিক শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ

লিডুৰ টিৰাপ কলিয়ৰীৰ ৫ শতাধিক শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ শ্ৰমিকসকলৰ স্পষ্ট কথা - বন্ধ হ'বলৈ দিয়া নহ'ব উত্তৰ পূব কয়লা ক্ষেত্ৰ ।

Margherita save coal india protest labure
লিডুৰ উত্তৰ পূব কয়লা ক্ষেত্ৰলৈ নামি আহিছে তীব্ৰ ভাবুকি

By

Published : May 28, 2020, 4:54 PM IST

মাৰ্ঘেৰিটা,28মেঃতিনিচুকীয়া জিলাৰ লিডুৰ প্ৰস্তাৱিত শালেকী বনান্ঞ্চলত কয়লাৰ মুক্তখননৰ প্ৰসংগকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আনফালে উত্তৰ পূব কয়লা ক্ষেত্ৰলৈ নামি আহিছে তীব্ৰ ভাবুকি। উৎপাদন বন্ধ হ'লে বন্ধ হ'ব উজনি অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো। ইতিমধ্যে চৰ্চা চলিছে এই সম্পৰ্কত ফলশ্ৰুতিত শ্ৰমিক -কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া বৃহস্পতিবাৰে লিডুৰ টিৰাপ কলিয়ৰীৰ ৫ শতাধিক শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

লিডুৰ উত্তৰ পূব কয়লা ক্ষেত্ৰলৈ নামি আহিছে তীব্ৰ ভাবুকি

উল্লেখ্যযোগ্য যে টিৰাপ কলিয়ৰীৰ অনুমতি প্ৰাপ্ত ৪ বৰ্গ কিলোমিটাৰকলৈয়ে সম্প্ৰতি হৈছে তীব্ৰ প্ৰতিবাদ। এই ভূ-খণ্ড এ আৰ এণ্ড টি কোম্পানীৰ নামত তদানীন্তন চৰকাৰে ১৭-১২-১৮৯৭ আৰু ১০-১০-১৯৩২ তাৰিখে স্বত্বৰ অধিকাৰ প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয়কৃত আইনৰ অধীনত কয়লা খনি ৰাষ্ট্ৰীয়কৰণ আইন ১৯৭৩অনুযায়ী ক'ল মাইনচ অথৰিটি লিমিটেড গঠন কৰি পৰৱৰ্তী সময়ত "ক'ল ইণ্ডিয়া লিমিটেড" গঠন হয় আৰু এ আৰ এণ্ড টি কোম্পানীৰ ভূ-খণ্ডৰ মালিকী স্বস্ত কেন্দ্ৰীয় চৰকাৰৰ নামত হস্তান্তৰ কৰা হয়। টিকক কলিয়ৰীৰ অধীনৰ ৪ বৰ্গ কিঃমিঃ(৯৮.৫৯ হেক্টৰ) ভূ-খণ্ড মাইনিং কৰাৰ বাবে ১মে ১৯৭৩ চনতেই ৩০ বছৰৰ বাবে ৩০ এপ্ৰিল২০০৩ পৰ্য্যন্ত লীজত প্ৰদান কৰা হয়। লীজৰ ম্যাদ ওকলাৰ পূৰ্বেই নবীকৰণৰ বাবে ২০০২ চনতেই আবেদন দাখিল কৰা হয় আৰু এই অবেদনৰ ভিত্তিত Mines & Mineral(Development &Regulation Act1957under rule8(3) অনুযায়ী লীজৰ অনুমোদন দিয়া হয়।

আনহাতে দি উক্ত এলেকাৰ Enviroment Clearance পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ পৰা ক্ৰমিক Z11011/3/88-IA(M) Date 15-09-1995 তেই পোৱা হয় আৰু Forest Clearanceৰ বাবে ২৮-১১-২০০৩ তাৰিখেই আবেদন দাখিল কৰা হয়। স্মৰ্তব্য যে ২০০৩ চনৰ পৰা দীৰ্ঘ সময় ৰঙা ফিটাৰ মেৰপেচত সোমাই থাকি আজি পৰ্য্যন্ত নিস্পত্তি নকৰাত ৰাষ্ট্ৰীয়কৃত সম্পদৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানটোৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰাৰ সময়তে সম্প্ৰতি এই প্ৰসংগক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্তু হোৱাত উদ্যোগটোৰ ভৱিষ্যতকলৈ অন্ধকাৰ নামি আহিছে ।


লগতে পঢ়কঃ দিল্লীৰ তবলিগী জামাতত ভাগ লোৱা ৫৩৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল

ABOUT THE AUTHOR

...view details