মাৰ্ঘেৰিটা,11 ফেব্ৰুৱাৰী :সোমবাৰে নিশা প্ৰায় ১১ বজাত তিনিচুকীয়া জিলাৰ পাৱৈৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া অভিমুখী কয়লা পৰিবাহী ট্ৰাক আৰু বিপৰীত দিশৰ পৰা অহা এখন নম্বৰ প্লেট বিহীন বলেৰ' পিক আপ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয় । ফলত বলেৰ' পিকআপ খনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় । দুৰ্ঘটনাটোত বলেৰ' পিক আপখনৰ চালকজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে গাড়ীত আৱদ্ধ হৈ যায় । গাড়ীচালকগৰাকীক বহু কষ্ট কৰি গাড়ীৰ পৰা উলিয়াই অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত বলেৰ'খনৰ হেণ্ডিমেনজনো কিছু আঘাতপ্ৰাপ্ত হয় । ইপিনে AS 01Q85171 নম্বৰৰ ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেনে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে । ঘটনাস্থলীত ডিগবৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা - মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা
মাৰ্ঘেৰিটাৰ পাৱৈৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কয়লা পৰিবাহী ট্ৰাক আৰু বলেৰ' পিক আপৰ মাজত মুখামুখি সংঘৰ্ষ । অতি সংকট জনক অৱস্থাত বলেৰ' পিক আপৰ চালক ৷
মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা
উল্লেখ্য যে ২০১৯ চনৰ ২৫ নবেম্বৰত একে স্থানতে কয়লা ভৰ্তি ট্ৰাকে মহটিয়াই নিয়াৰ ফলত চাৰিজন লোকৰ থিতাতে মৃত্যু হৈছিল । উক্ত স্থানত থকা লাইন হোটেল সমূহত আইন শৃংখলা অমান্য কৰি শাৰী শাৰীকৈ ট্ৰাক সমূহ ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ আছে । অভিযোগ মতে, চোৰাং তেলৰ ঘাটি স্বৰূপ এই লাইন হোটেল সমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এইদৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
লগতে পঢ়ক:মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..