মাৰ্ঘেৰিটা,6 ফেব্ৰুৱাৰীঃমাৰ্ঘেৰিটাত সংঘটিত হয় এক লোমহৰ্ষক ধৰ্ষণ কাণ্ড ৷ দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী মহিলাক ৷ মাৰ্ঘেৰিটাৰ ইমথেম গাঁৱৰ ৰিতুপথাৰত সংঘটিত হৈছে এই ঘটনা ৷ নিশা ভাওনাৰ আখৰা কৰি ঘৰলৈ উভতাৰ পথত মহিলাগৰাকীক কোনো দুৰ্বৃত্তই বৰ্বৰভাৱে ধৰ্ষণ কৰে আৰু হত্যা কৰি পথৰ কাষৰ জংঘলত পেলাই থৈ যায় ৷ মৃত মহিলাগৰাকী চাৰি সন্তানৰ মাতৃ আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ সম্প্ৰতি পেঙেৰী থানাই মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷
মাৰ্ঘেৰিটাত মহিলাক ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ - মাৰ্ঘেৰিটাৰ ইমথেম গাঁৱৰ ৰিতুপথাৰ
মাৰ্ঘেৰিটাত সংঘটিত হয় এক লোমহৰ্ষক ধৰ্ষণ কাণ্ড ৷ দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী মহিলাক ৷ মাৰ্ঘেৰিটাৰ ইমথেম গাঁৱৰ ৰিতুপথাৰত সংঘটিত হৈছে এই ঘটনা ৷ নিশা ভাওনাৰ আখৰা কৰি ঘৰলৈ উভতাৰ পথত মহিলাগৰাকীক কোনো দুৰ্বৃত্তই বৰ্বৰভাৱে ধৰ্ষণ কৰে আৰু হত্যা কৰি পথৰ কাষৰ জংঘলত পেলাই থৈ যায় ৷
মহিলাক ধৰ্ষণ তথা হত্যা
আনহাতে,আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জড়িত দুজন লোকক আটক কৰিছে ৷ আটকাধীন গগৈ উপাধিৰ লোক এজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
লগতে চাওকঃঅবৈধ বেদখলঃ চৰ চাপৰি অঞ্চল পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ
Last Updated : Feb 6, 2020, 2:16 PM IST