মাৰ্ঘেৰিটা, ২আগষ্ট: অভিযোগ অনুসৰি দেৱনাথ ব্ৰাডাৰ্চ এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিস্থানৰ নামত আটকাধীন ৰাজেশ দেৱনাথে ভুৱা নথি তৈয়াৰ কৰি দীৰ্ঘ দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ চোৰাং ভাবে কয়লা সৰবৰাহ কৰি আহিছিল । একে পদ্ধতিৰেই চোৰাং ভাবে কয়লা সৰবৰাহ কৰা দুখন ট্ৰাক শনিবাৰে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।
শনিবাৰে নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে এ এচ ২৩ চি চি ০৪৮০ আৰু এ এচ ২৩ এ চি ৭৭৭৭ ।
ইফালে আটকাধীন চোৰাং কয়লা ব্যৱসায়ীজনৰ পৰা মাৰ্ঘেৰিটা অ'ল্ড কলনিৰ ৰাজেশ যাদৱ নামৰ এজন যুৱকে এই দুখন গাড়ীৰ প্ৰৱেশৰ নামত ৭০ হাজাৰ টকা আদায় লৈ সকলো মেনেজ কৰি গাড়ীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰিলে ৰাজেশ দেবনাথে ।
মাৰ্ঘেৰিটাত জব্দ দুখনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক এক সূত্ৰৰ পৰা জানিব পৰা মতে, আটকাধীন ৰাজেশ দেৱনাথ নামৰ চোৰাং কয়লা মাফিয়াটোৱে বৰগোলাইস্থিত মাৰ্ঘেৰিটাৰ বাসিন্দা বাবুৱা সিং নামৰ এজন লোকৰ মালিকনাধীন ক্ৰেছাৰ মিলৰ ভিতৰত মেচাৰ্চ মাধবী ট্ৰেডাৰ্চ নামৰ অবৈধ ভাৱে নিৰ্মাণ কৰা এটা কয়লা ডিপোত কেঁচা কয়লা মজুত কৰি নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছিল ।
মাৰ্ঘেৰিটাত জব্দ দুখনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক ৰাজ্যত অব্যাহত থকা লক্ ডাউন তথা সান্ধ্য আইনৰ মাজত নিশাৰ নিস্তব্ধতাৰ সুযোগ লৈ বাবুৱা সিঙৰ উল্লেখিত ক্ৰেছাৰ মিলৰ পৰা ৰাজেশ দেৱনাথে দুখন কয়লা ভৰ্তি ট্ৰাক কৌশলেৰে নি থকা অৱস্থাতে শনিবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে ট্ৰাকৰ লগতে দুজন চালকসহ ৰাজেশক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।