অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত উপস্থিত অসম বচাও আহক দল - অসম প্ৰদেশ কংগ্ৰেছ কমিটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ এপদ এপদকে গুজৰাটী বণিয়াক বিক্ৰী কৰিছে । মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াও গুজৰাটী বণিয়াক বিক্ৰীৰ যো-জা চলাইছে মোডীয়ে । মাৰ্ঘেৰিটাত এই ভাষ্য প্ৰদান কৰে কংগ্ৰেছ দলৰ নেতা দেৱব্রত শইকীয়াই ।

কংগ্ৰেছৰ "অসম বচাও আহক" শীৰ্ষক বাছ যাত্ৰা মাৰ্ঘেৰিটা উপস্থিত
কংগ্ৰেছৰ "অসম বচাও আহক" শীৰ্ষক বাছ যাত্ৰা মাৰ্ঘেৰিটা উপস্থিত

By

Published : Feb 17, 2021, 1:36 PM IST

Updated : Jun 7, 2021, 6:41 PM IST

মাৰ্ঘেৰিটা,17 ফেব্ৰুৱাৰীঃ কংগ্ৰেছে গ্ৰহণ কৰা "অসম বচাও আহক" শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে আজি লিডু মোলাং বৌদ্ধ মন্দিৰত কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া সহ কংগ্ৰেছ নেতাসকল উপস্থিত হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ এপদ এপদকৈ গুজৰাটী বণিয়াক বিক্ৰী কৰিছে । মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াও গুজৰাটী বণিয়াকে বিক্ৰী কৰাৰ যো-জা চলাইছে মোডীয়ে । মাৰ্ঘেৰিটাত এই ভাষ্য প্ৰদান কৰে কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই ।

কংগ্ৰেছৰ "অসম বচাও আহক" শীৰ্ষক বাছ যাত্ৰা মাৰ্ঘেৰিটা উপস্থিত

উল্লেখ্য যে, বুধবাৰেও অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা ব্যতিক্ৰমী গণ সংযোগৰ অভিযান "অসম বচাও আহক" বাছ যাত্ৰা কাৰ্যসূচী অব্যাহত ৰাখিছে । মাৰ্ঘেৰিটা সমষ্টিত অৱস্থিত মোলাং বৌদ্ধ মন্দিৰৰ পৰা পুৱা এই যাত্ৰা আৰম্ভ কৰিছে দলটোৱে ৷ এই যাত্ৰাৰ শুভাৰম্ভ কৰে কংগ্ৰেছ নেতা তথা বিধায়ক দেৱব্রত শইকীয়াই ।

শইকীয়াৰ লগত উপস্থিত থাকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্পাদক বিকাশ উপাধ্যায়, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰণতি ফুকনসহ বহু কেইগৰাকী স্থানীয় নেতা সদস্য ৷

লগতে পঢ়কঃযোৰহাটৰ সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

Last Updated : Jun 7, 2021, 6:41 PM IST

ABOUT THE AUTHOR

...view details