লিডু, 19 জুলাইঃ লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ ১৫ জুলাইৰ পৰা জে কে এচৰ অধীনত অনুষ্ঠিত হৈছে এই চাৰিদিনীয়া কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ জাপান কাৰাটে শ্বুটু ফেডাৰেচনৰ অধীনস্থ জে কে এচ শ্বুটুজুকো ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত হৈছে এই শিৱিৰ | এই শিৱিৰত মুঠ ২১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে ৷ ৰমেশ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া হৈছে প্ৰশিক্ষাৰ্থী সকলক ৷
লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত কাৰাটে প্ৰশিক্ষণ - জাপান কাৰাটে শ্বুটু ফেডাৰেচন
লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ ১৫ জুলাইৰ পৰা অনুষ্ঠিত হৈছে চাৰিদিনীয়া কাৰাটে প্ৰশিক্ষণ শিৱিৰ |
লিডু মহাবিদ্যালয়ৰ প্ৰাংগণত কাৰাটে প্ৰশিক্ষণ
শিৱিৰটোত বিশেষ পৰ্যবেক্ষক ৰূপে অংশ গ্ৰহণ কৰে কাৰাটে সংস্থাটোৰ ভাৰতীয় গোটৰ জাতীয় মুখ্য প্ৰশিক্ষক কেৰেলাৰ সুদীপ টি চাৰিয়াকে ৷ এই শিৱিৰটোত অংশ গ্ৰহণ কৰা কাৰাটে খেলুৱৈ সকলক তেওঁলোকৰ প্ৰদৰ্শন অনুযায়ী বেল্ট সমূহ প্ৰদান কৰা হয় ৷