অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটা সাংবাদিক সংন্থাৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি - journalist association conference

মাৰ্ঘেৰিটাত কবিতা,গীত,নাটকৰ সংলাপেৰে মুখৰিত হ’ল সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান ৷ শদিয়াৰ সমৰজ্যোতি গগৈক প্ৰদান প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনি সফলতাৰে সামৰণি পৰে ।

সাংবাদিক সংন্থাৰ অধিৱেশন
সাংবাদিক সংন্থাৰ অধিৱেশন

By

Published : Mar 9, 2020, 11:53 PM IST

মাৰ্ঘেৰিটা,9 মাৰ্চঃতিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনি সফলতাৰে সামৰণি পৰে । বিভিন্ন মনোমোহা অনুষ্ঠানেৰে মুখৰিত হয় অধিৱেশনস্থলী । উক্ত অনুষ্ঠানতে শদিয়াৰ সমৰজ্যোতি গগৈক প্ৰদান কৰা হয় প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা ৷

অধিৱেশন উপলক্ষে তিনিচুকীয়াৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা দুকুৰিৰো অধিক জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকৰ কবিতা আবৃত্তি,নাটকৰ সংলাপ,ভাওনাৰ বচনেৰে মুখৰিত হয় ঐতিহাসিক লিডু অঞ্চল । 6মাৰ্চৰ পৰা তিনিদিনীয়াকৈ লিডু শামুকজানৰ কেন্দ্রীয় ৰংগমঞ্চত অনুষ্ঠিত সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠানত ব্যতিক্ৰম ৰূপত দেখা যায় সাধাৰণতে কাগজ-কলম,কেমেৰাত ব্যস্ত সাংবাদিকসকলক । তিনিচুকীয়া জিলা সাংবাদিক সন্থা তথা মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক অনুজ কলিতা,মনোজ দত্ত,বগেন গগৈ,লক্ষ্যধৰ সোণোৱাল আদি বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে । ইপিনে,চলিত বৰ্ষৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সন্থায়ে আগবঢ়োৱা সলিল নেওগ সোঁৱৰণী প্রতিশ্রুতি সম্পন্ন যুৱ সাংবাদিকতা বঁটাটো নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভৰ শদিয়াৰ সাংবাদিক সমৰজ্যোতি গগৈক প্রদান কৰা হয় ৷ অনুষ্ঠানত সমীৰণ বৰঠাকুৰ, মানস প্রতীম গগৈ আৰু খিলানাথ শৰ্মাৰ সম্পাদনাত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ মুখপত্র সীমান্ত উন্মোচন কৰা হয় ।

সাংবাদিক সংন্থাৰ অধিৱেশন

আনহাতে,দ্বিতীয় দিনাৰ কাৰ্যসূচী উপলক্ষে "ফাগুনৰ এটি কবিতাৰ দুপৰীয়া" শীৰ্ষক কাব্যানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপূজাৰীৰ পৌৰহিত্যত তথা তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ড৹ ৰণজিৎ দত্তৰ সঞ্চালনাত অনুষ্ঠানটোত প্ৰায় দুইকুৰি কবিয়ে স্বৰচিত কবিতা পাঠেৰে পৰিৱেশটো জীপাল কৰি তোলে ৷ লিডু কেন্দ্ৰীয় ৰংগমঞ্চৰ জিৰণিচ’ৰাত অনুষ্ঠিত সাধাৰণ সভাত সন্থাটোৰ ৰামপ্ৰসাদ আম্বেদকাৰ আৰু ৰাণাজ্যোতি নেওগক সভাপতি আৰু সাধাৰণ সম্পাদকৰূপে মনোনীত কৰা হয় । সংস্থাৰ উপ-সভাপতিৰূপে পাৰ্থপ্ৰতীম গোম্বামী,সমীৰণ বৰঠাকুৰ,যুটীয়া সাধাৰণ সম্পাদকৰূপে তপন দে,প্ৰশান্ত চেতিয়া,মুখপত্ৰ সম্পাদকৰূপে মানসপ্ৰতীম গগৈ,সাংগঠনিক সম্পাদকৰূপে মিঠুন বৰুৱা,শ্যামল কুমাৰ নেওগ, সাহিত্য-সংস্কৃতি সম্পাদকৰূপে খিলানাথ অধিকাৰী মনোনীত হয় ৷

লগতে চাওকঃবাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details