মাৰ্ঘেৰিটা,21অক্টোবৰ: মাৰ্ঘেৰিটাৰ জাগুনৰ বিষ্ণুপুৰত মংগলবাৰে নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ মৃত্যু হয় ৷ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় ৷ ৰমন ৰাই নামৰ এজন ব্যক্তিৰ চাহ বাগানত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ ১১ হাজাৰ কে বি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ মাটিৰ পৰা প্ৰায় ৯ ফুট ওপৰৰে যোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু - বিদ্যুৎ পৰিবাহী তাঁৰ
জাগুনত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এটা বনৰীয়া হাতীৰ । জাগুনৰ বিষ্ণুপুৰত মংগলবাৰে নিশা সংঘটিত হয় এই ঘটনাটো ৷ শক্তি বিভাগৰ গাফিলতিৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
![শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু Margherita jagun wild elephant death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9255578-1079-9255578-1603263594275.jpg)
শক্তি বিভাগৰ গাফিলতিৰ বাবে জাগুনত বনৰীয়া হাতীৰ মৃত্যু
ইফালে,শক্তি বিভাগৰ লোকক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাচতো বিভাগটোৰ কৰ্মচাৰীৰ হেমাহি তথা অমনোযোগীতাৰ বাবে এই শোকাৱহ তথা মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
অন্য এক খবৰৰ বাবে: অনলাইন শিক্ষাৰে বিদেশত সুনাম অসম কন্যাৰ