মাৰ্ঘেৰিটা,21 ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটাৰ জাগুনত নৱনিৰ্মিত পথৰে অবৈধ কাঠ সৰবৰাহকলৈ লৈ চাঞ্চল্য ৷ জাগুনৰ আহোম পথাৰত নৱনিৰ্মিত পথৰ ওপৰেদি বৃহস্পতিবাৰে নিশা এখন কাঠ ভৰ্তি পিক আপ ভান পাৰ হৈ যোৱাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ গাড়ীখনত কঢ়িয়াই লৈ যোৱা কাঠখিনি জাগুন পঞ্চায়তৰ সভাপতিৰ বুলি অভিযোগ ৷ ঘটনা অনুসৰি় নতুনকৈ নিমাৰ্ণ কৰি থকা পথটোৰ ওপৰেৰে কাঠ ভৰ্তি গাড়ীখন পাৰ হৈ যোৱাক বাধা প্ৰদান কৰে স্থানীয় লোকে ৷ কিন্তু স্থানীয় বিজেপে কৰ্মী কেইজনমানে এই কাৰ্যত বাধা প্ৰদান কৰাত দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ উক্ত অঞ্চললৈ সাংবাদিক যোৱাৰ কথা জানি তাত উপস্থিত থকা বিজেপিৰ কেইজন কৰ্মীয়ে গাড়ীখনক পলাই যাবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে নিতৌ মাজনিশা এই পথেদি পাৰ হয় অবৈধ কাঠ ভৰ্তি গাড়ী ৷
পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অবৈধ কাঠ সৰহবৰাহৰ অভিযোগ - মাৰ্ঘেৰিটাৰ জাগুনত অবৈধ কাঠ সৰবৰাহ ঘটনা
মাৰ্ঘেৰিটাত জাগুন আহোম পথাৰত অবৈধ কাঠ সৰবৰাহকলৈ চাঞ্চল্য ৷ জাগুন পঞ্চায়তৰ সভাপতি আৰু স্থানীয় বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ ৷

মাৰ্ঘেৰিটাৰ জাগুন পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অবৈধ কাঠ সৰহবৰাহৰ অভিযোগ
মাৰ্ঘেৰিটাৰ জাগুন পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অবৈধ কাঠ সৰহবৰাহৰ অভিযোগ
এতিয়া সহজে প্ৰশ্ন উত্থাপন হয় যে যদি গাড়ীখনত অবৈধ কাঠ নাছিল তেন্তে কিয় গাড়ীখন পলোৱাত সহায় কৰিলে বিজেপি কৰ্মীয়ে ! স্বয়ং পঞ্চায়তৰ গাড়ীত সন্ধিয়া পাৰ হৈছিল নি অবৈধ কাঠ?