অসম

assam

ETV Bharat / state

জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি - বন বিভাগ

পুৰুষ মহিলা সহ প্ৰায় দুই শতাধিক লোকে বনাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা মূল্যবান গছ-গছনি কাটি ধ্বংস কৰে । ইপিনে সমগ্ৰ ঘটনা সৰ্ন্দভত বন বিভাগ আৰু মহকুমা আৰক্ষীৰ যৌথ অভিযানত অধিকাংশ বেদখলকাৰীক আটক কৰি বিভাগটোৱে তিনিচুকীয়া স্থিত অস্থায়ী শিবিৰলৈ উভতাই পঠিওৱাৰ বিপৰীতে একাংশ লোকক ন্যায়িক জিমালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।

জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি
জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

By

Published : Feb 26, 2021, 8:33 AM IST

Updated : Mar 2, 2021, 1:26 PM IST

মাৰ্ঘেৰিটা,26 ফেব্ৰুৱাৰী: অসম চৰকাৰে লাইকা দধীয়া বাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি থকাৰ মাজতে মঙলবাৰে নিশাৰে পৰা একাংশ দধীয়া বাসীয়ে ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ জাগুন আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি কেইবা হেক্টৰ মাটি বেদখল কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ।

জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, পুৰুষ মহিলা সহ প্ৰায় দুই শতাধিক লোকে বনাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা মূল্যবান গছ-গছনি কাটি ধ্বংস কৰে । ইপিনে সমগ্ৰ ঘটনা সৰ্ন্দভত বন বিভাগ আৰু মহকুমা আৰক্ষীৰ যৌথ অভিযানত অধিকাংশ বেদখলকাৰীক আটক কৰি বিভাগটোৱে তিনিচুকীয়া স্থিত অস্থায়ী শিবিৰলৈ ওভতাই পঠিওৱাৰ বিপৰীতে একাংশ লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।

যোৱা বুধবাৰে পুৱাৰ ভাগতে টিংকু পানী সংৰক্ষিত বনাঞ্চলত বেদখল কৰি থকা অৱস্থাত বন বিভাগে দধীয়াৰ চাৰি গৰাকী লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও এই ঘটনাৰ ২৪ ঘণ্টা ভিতৰত আকৌ দধীয়াবাসী উক্ত বনাঞ্চলত প্ৰৱেশ কৰি বন ধ্বংস কৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে জাগুনৰ বিভিন্ন দল সংগঠন ।

লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 1:26 PM IST

ABOUT THE AUTHOR

...view details