অসম

assam

ETV Bharat / state

কয়লা ক্ষেত্ৰৰ উৎপাদন কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী - উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ

কয়লা ক্ষেত্ৰৰ উৎপাদন ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ নাগৰিক সন্থাই ৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ মহকুমাধিপতিৰ যোগেদি স্মাৰকপত্ৰ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিবাদী দলটোৱে ৷

Margherita hunger strike by senior citizen against coal india assam etv bharat news
প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

By

Published : Jun 24, 2020, 8:11 PM IST

মাৰ্ঘেৰিটা,24 জুন:উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ‌ প্ৰাংগণত বুধবাৰে জৈৱ বৈচিত্ৰ্য সুৰক্ষিত ৰাখি কয়লা ক্ষেত্ৰৰ উৎপাদন ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবীত মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত গ্ৰহণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷ শেহতীয়াকৈ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ সকলো উৎপাদন বন্ধ হৈ পৰাত উদ্যোগটোলৈ গভীৰ সংকট নামি অহাৰ লগতে কয়লা ক্ষেত্ৰৰ স্থায়ী কৰ্মচাৰীসকলক ভাৰতৰ অন্য কয়লা ক্ষেত্ৰলৈ বদলিৰ ব্যৱস্থা কৰাত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ অধীনৰ মাইনিং কোম্পানীসমূহত কৰ্মৰত অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনলৈ নামি আহিছে গভীৰ সংকট ।

প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ পুনৰ সক্ৰিয় কৰাৰ দাবীৰে ইতিপূৰ্বে মাৰ্ঘেৰিটাৰ কেইবাটাও দল-সংগঠনে প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ জৰিয়তে দীৰ্ঘদিনে দাবী জনাই আহিছে । অনুৰূপ কাৰণতে বুধবাৰে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক সন্থাই অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ মহকুমাধিপতিৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিবাদী দলটোৱে ৷

লগতে চাওকঃজয়ন্ত বৰাৰ হত্যাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে উত্তপ্ত তিতাবৰ

ABOUT THE AUTHOR

...view details