মাৰ্ঘেৰিটা, 04 এপ্ৰিল: পুনৰ ধুতি-লুঙী প্ৰসংগৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি বৃহস্পতিবাৰে মাৰ্ঘেৰিটাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ 124 নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুত নিৰ্বাচনী সভাত প্ৰদ্যুৎত বৰদলৈক সমালোচনা কৰি কয় যে, বৰদলৈক মাৰ্ঘেৰিটা পৰা ৰাইজে বিদায় দিছে ৷ নগাৱঁত পৰাজিত হ'ব প্ৰদ্যুৎত বৰদলৈ আৰু তাৰ পাছত মাৰ্ঘেৰিটাটো স্থান নাইকিয়া হ'ব বৰদলৈৰ ৷ মাৰ্ঘেৰিটা বাসী ৰাইজক পৰাজিত বৰদলৈক পুনৰ আদৰি নলবলৈ আহবান মন্ত্ৰী শৰ্মাৰ ৷ নিৰ্বাচনী সভাত বিজেপি চৰকাৰৰ উন্নয়ণমূলক কাম কাজৰ খতিয়ান ডাঙি ধৰাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নৰেন্দ্ৰ মোডীক আসনাধিষ্ঠ কৰাৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায় নেডাৰ আহবায়ক ড: শৰ্মাই ৷
পুনৰ ধুতি-লুঙী প্ৰসংগ : নিৰ্বাচনী সভাত সৰব হিমন্ত - ETV BHARAT
স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে কেইবাজনো দলীয় নেতা উপস্থিত থকা আৰু প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্ৰী শৰ্মাই কংগ্ৰেছ দল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈক কটু সমালোচনা কৰি কয় যে, কংগ্ৰেছ শাসনত থকা হ'লে সকলোকে ধুতি লুঙী পিন্ধালে হয় ৷ কিছুদিনৰ পাচত ইভিএমত কংগ্ৰেছৰ হাতৰ ছবি দেখা পোৱা নাযাব বুলিও কটাক্ষ মন্ত্ৰী শৰ্মাৰ ৷
স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে কেইবাজনো দলীয় নেতা উপস্থিত থকা আৰু প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্ৰী শৰ্মাই কংগ্ৰেছ দল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈক কটু সমালোচনা কৰি কয় যে, কংগ্ৰেছ শাসনত থকা হ'লে সকলোকে ধুতি লুঙী পিন্ধালে হয় ৷ কিছুদিনৰ পাচত ইভিএমত কংগ্ৰেছৰ হাতৰ ছবি দেখা পোৱা নাযাব বুলিও কটাক্ষ মন্ত্ৰী শৰ্মাৰ ৷ মাৰ্ঘেৰিটা বাসী ৰাইজে যাতায়তৰ ক্ষেত্ৰত 38 নং ৰাষ্টীয় ঘাই পথৰ জৰাৰ্জীণ অৱস্থাৰ বাবে সন্মুখীন হৈ থকা সমস্যাৰ পৰা নিৰ্বাচনৰ পাছতেই মুক্তি পাব বুলি উল্লেখ কৰি কয় যে, মাৰ্ঘেৰিটাৰ জৰাজীৰ্ণ বাট পথৰ নিৰ্মাণৰ বাবে 33 কোটি টকা দিয়া হ'ব আৰু নিৰ্বাচনৰ পাছত আৰম্ভ হ'ব এই পথৰ নিৰ্মাণৰ কাম ৷