অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত জব্দ বৃহৎ পৰিমানৰ ফলা কাঠ

মাৰ্ঘেৰিটা পেঙেৰি এন,চি নগাপথাৰৰ পৰা বনবিভাগে বৃহৎ পৰিমানৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ চোৰাং কাঠখিনি সৰবৰাহ কৰি থকাৰ সময়তে বন বিভাগৰ দলে সেই স্থানত উপস্থিত হৈ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত কাঠখিনি বন বিভাগৰ লোকে খাটাংপানী বনবিষয়াৰ কাৰ্যালয়লৈ লৈ আনে ৷

Margherita forest recoverd illegal timber
মাৰ্ঘেৰিটাত বৃহৎ পৰিমানৰ ফলা কাঠ জব্দ

By

Published : May 9, 2020, 8:16 PM IST

মাৰ্ঘেৰিটা, 9 মে' : লক্ ডাউনৰ মাজতে মাৰ্ঘেৰিটা পেঙেৰি এন চি নগাপথাৰৰ পৰা শনিবাৰে বনবিভাগে বৃহৎ পৰিমানৰ ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ ডিগবৈ বন সংমণ্ডলৰ অধীনত পেঙেৰি খাটাং পানী খণ্ড বন বিষয়া হেৰম্ব শইকীয়া আৰু খামন পথাৰ খণ্ড বন বিষয়া ধৰ্মেশ্বৰ হাজৰিকাৰ নেতৃত্বত যোৱা এটা তহলদাৰি দলে পেঙেৰি এন,চি নগাপথাৰৰ পৰা ফলা কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, বনাঞ্চলৰ মাজত কেইজনমান লোকে ফলা কাঠ খিনি মুকলিলৈ অনাৰ চেষ্টা কৰি আছিল সেই সময়তে বন বিভাগে সেই স্থানত উপস্থিত হৈ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

মাৰ্ঘেৰিটাত বৃহৎ পৰিমানৰ ফলা কাঠ জব্দ

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা পেঙেৰি, নলনি-তৰানি , ডিগবৈ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলসমূহত চোৰাং ব্যৱসায়ীয়ে মূল্যবান গছ কাটি অহাৰ অভিযোগ স্থানীয় লোকৰ ৷

লগতে পঢ়ক : মই ঠিকেই আছো, কোনো বেমাৰত ভোগা নাই : অমিত শ্বাহ

ABOUT THE AUTHOR

...view details