অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত অব্যাহত চোৰাং কয়লাৰ বেহাঃ কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই

কাষত চোৰাং কয়লা ব্যৱসায়ৰ লগত জড়িত লোকক বহুৱাই কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইৰ সংবাদমেল ৷ মাৰ্ঘেৰিটাত এক সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাতে এই চোৰাং বেহা পুনৰ আৰম্ভ হোৱা বুলি বৰগোহাঁইয়ে অভিযোগ কৰে ।

কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই

By

Published : Sep 12, 2019, 2:41 PM IST

মাৰ্ঘেৰিটা,12 ছেপ্টেম্বৰঃ "মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ বেহা পুনৰ আৰম্ভ হৈছে ৷ যদি ইয়াত মহকুমা প্ৰশাসন বা জিলা প্ৰশাসন জড়িত নাই তেন্তে তেওঁলোকৰ অগোচৰে কেনেদৰে এই ব্যৱসায় পুনৰ আৰম্ভ হ'বলৈ পালে ! গতিকে ইয়াত প্ৰশাসনৰ লোক প্ৰত্যক্ষভাৱেই জড়িত হৈ আছে ৷"- বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিস্ফোৰক অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে।

কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ কংগ্ৰেছৰ নেতা

ৰাজ্যৰ অন্যতম বহু চৰ্চিত কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ কংগ্ৰেছৰ নেতা। কিছুদিন পূৰ্বে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰাৰ পাছতেই বৃহস্পতিবাৰে কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে এক সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাতে এই চোৰাং বেহা পুনৰ আৰম্ভ হোৱা বুলি অভিযোগ কৰে। বনাঞ্চল ধ্বংস কৰি কয়লা আহৰণ কোনো কাৰণত সহ্য কৰা নহ'ব বুলি মন্তব্য কৰি সংবাদমেলত বৰগোহাঁইয়ে এই বেহাৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । ইপিনে চোৰাং কয়লা বেহাৰ লগত জড়িত থকাৰ অভিযোগ থকা যুৱ কংগ্ৰেছী আলফাজ আহমেদো এই সংবাদমেলত বৰগোহাঁইৰ সৈতে উপস্থিত আছিল ৷

ABOUT THE AUTHOR

...view details