মাৰ্ঘেৰিটা, 2 জুন : মঙলবাৰে বিৰোধী দলপতি ৰকিবুল হুছেইন সহ প্ৰাক্তন সংসদীয় সচিব সুশান্ত বুঢ়াগোহাই,প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে আদি কৰি কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া লিডুৰ শালেকি গাঁৱৰ লগতে টিককৰ মুক্ত খনন স্থলী পৰিদৰ্শন কৰে । উক্ত স্থানত উপস্থিত হৈ ৰকিবুল হুছেইনে কয়লাৰ মুক্ত খনন সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাই ৷ আনকি উপ দলপতি গৰাকীয়ে চৰকাৰক উচিত তদন্তৰ বাবে প্ৰত্যাহ্বান জনাই ৷
আনহাতে, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে ও অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি বাতিল কৰি জৈৱ বৈচিত্ৰ ৰক্ষা কৰিব লাগে বুলি দাবী জনায় ।