অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত ক'ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ - margherita-coal-india-empoly-attacked-incidante

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা ৷ অসমীয়াৰ ওপৰত অনা অসমীয়াৰ বৰ্বৰতা ৷ কৰ্তব্যৰত অৱস্থাত চোকা অস্ত্ৰৰে বৰগোলাইৰ নিবাসী হৰেছ গগৈ নামৰ ব্যক্তিজনক কিছুদিন পূৰ্বে বিকি সোনাৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷

margherita-coal-india-empoly-attacked-incidante
মাৰ্ঘেৰিটাত ক'ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

By

Published : Sep 24, 2020, 7:51 PM IST

মাৰ্ঘেৰিটা, 24ছেপ্তেম্বৰঃ ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে খিলঞ্জীয়া ভূমি পুত্ৰৰ ওপৰত অনা অসমীয়াৰ বৰ্বৰতা ৷ এইবাৰ ঘটনাৰ স্থান মাৰ্ঘেৰিটা ৷ নিশা কৰ্তব্যৰত অৱস্থাত থকা ক'ল ইণ্ডিয়াৰ এজন সুৰক্ষা কৰ্মী বৰগোলাইৰ নিবাসী হৰেছ গগৈক বিকি সোনাৰ নামৰ এটা দুৰ্বৃত্তই প্ৰাণঘাতি আক্ৰমণ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ স্থানীয় ৰাইজৰ তৎপৰাত কথমপি প্ৰাণ ৰক্ষা পৰে ব্যক্তিজনৰ ৷ হাত আৰু ভৰিত গুৰুত ভাৱে আঘাত প্ৰাপ্ত ব্যক্তিজনক ততাতয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

মাৰ্ঘেৰিটাত ক'ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ইফালে ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে আজিকোপতি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয় লোক ৷ ইতিমধ্যে আক্ৰমণৰ বলি হোৱা হৰেছ গগৈয়ে দুৰ্বৃত্তক চিনাক্ত কৰি স্থানীয় মাৰ্ঘেৰিটা আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানৰ লৈকে বিকি সোনাৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সম্প্ৰতি সমগ্ৰ ঘটনাই এলেকাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মাৰ্ঘেৰিটাত ক'ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details