মাৰ্ঘেৰিটা, 14 আগষ্ট : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰৰ টেৰীস্থিত ইনণ্ডোৰ ষ্টেডিয়ামত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰথম আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা ৷ চাংলাং জিলাৰ বেডমিণ্টন এছ'চিয়েচনৰ উদ্যোগত আৰু অৰুণাচল চৰকাৰ বেডমিণ্টন এছ'চিয়েচনৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা অৰুণাচল প্ৰদেশৰ বৰডুমচা-ডায়েউন সমষ্টিৰ বিধায়ক চামলুং মচাংঙে । মচাংঙে খেলখন উদ্ধোধন কৰি আয়োজক সমিতিক এক লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে ৷
অৰুণাচলৰ জয়ৰামপুৰত প্ৰথম আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা - Etv Bharat
চাংলাং জিলাৰ বেডমিণ্টন এছ'চিয়েচনৰ উদ্যোগত আৰু অৰুণাচল চৰকাৰ বেডমিণ্টনৰ এছ'চিয়েচনৰ সহযোগত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷

অৰুণাচলৰ জয়ৰামপুৰত প্ৰথম আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা
অৰুণাচলৰ জয়ৰামপুৰত প্ৰথম আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা
প্ৰতিযোগিতাখনত চাংলাং জিলাৰ অন্তৰ্গত নামপুং, মেও, বৰডুমচা, চাংলাং ,ডায়োউন, জয়ৰামপুৰ আদি বিভিন্ন ঠাইৰ প্ৰায় আঠটা দলৰ চল্লিশগৰাকী পুৰুষ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জয়ৰামপুৰ সমষ্টিৰ বিধায়ক লাইছাম চিমাই, জয়ৰামপুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত এছ এছ চৌধাৰী, জয়ৰামপুৰস্থিত 13 নং অসম ৰাইফলছৰ কামাণ্ডেণ্ট মানিশ শৰ্মা ৷