মাৰ্ঘেৰিটা,১০ জুনঃ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডুৰ টিৰাপ কলিয়ৰীলৈকে জৰাজীৰ্ণ ৰাষ্টীয় পথে বিগত তিনিবছৰ ধৰি জ্বলাকলা খুৱাই আহিছে সাধাৰণ ৰাইজক। এই বিধ্বস্ত পথৰ অন্যতম অংশ লিডুৰ টিৰাপ কলিয়ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাৰমনিয়াম লৈ জনপ্ৰিয় পথাৰ শিল্পী লোহিত গগৈ। পথটি নিৰ্মাণৰ বাবে পথাচাৰী, যান বাহনেৰে অহা যোৱা লোকসকলৰ পৰা ধন সংগ্ৰহ কৰিছে শিল্পীগৰাকীয়ে। প্ৰতীকি ৰূপত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ।সংগৃহিত ধনেৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা অংশসমূহত শিল বালি পেলাই মেৰামতিৰ প্ৰচেষ্টা কৰিছে শিল্পীগৰাকীয়ে। উল্লেখযোগ্য যে-বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ গাতৰ সৃষ্টি হৈছে । তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠাইয়ে ঠাইয়ে পানীৰে উপচি পৰে। যাৰ ফলত পথাচাৰী,গাড়ী চালকৰ বাবে এই পথ হৈ পৰে মৰণফাণ্ডস্বৰূপ।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাৰমনিয়ামলৈ কন্ঠশিল্পী !
ৰাজ্যৰ বিধ্বস্ত পথৰ অন্যতম অংশ লিডুৰ টিৰাপ কলিয়ৰীৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত হাৰমনিয়াম লৈ জনপ্ৰিয় পথাৰ শিল্পী লোহিত গগৈ । পথটি নিৰ্মাণৰ বাবে পথচাৰী,যান বাহনেৰে অহা যোৱাসকলৰ পৰা ধন সংগ্ৰহ কৰে কন্ঠশিল্পীগৰাকীয়ে।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাৰমনিয়ামলৈ কন্ঠশিল্পী !
গুৰুত্বপূৰ্ণ কথা এই পথ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীলৈ শেহতীয়াকৈ পত্ৰ প্ৰেৰণ কৰি দাবী জনাব লগা হৈছে। ভৰ বাৰিষাৰ পূৰ্বে এই পথ নিৰ্মাণ নকৰিলে ৰাইজে আৰু অধিক যমৰ যাতনা ভোগাই নহয় জাগুন-মাৰ্ঘেৰিটা অঞ্চলৰ সম্পূৰ্ণ যোগাযোগ ব্যাহত হৈ পৰিব সেইয়া নিশ্চিত হৈ পৰিছে।