মাৰ্ঘেৰিটা, 29 জুলাই :ৰাজ্যত বানপানী আৰু কৰ'ণা মহামাৰীৰ ত্ৰাস চলি থকাৰ সময়তে বুধবাৰে মাৰ্ঘেৰিটাত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়া সমস্যাই বুঢ়ীদিহিং নৈ পৰীয়া অঞ্চলক দীৰ্ঘদিনৰ পৰা ভাৰাক্ৰান্ত কৰি আহিছে ৷ যাৰ বাবে ৰাইজৰ জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা ইনথেম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ লংগাও গৰাখহনীয়াস্থলীত বিভিন্ন দল সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ অভিযোগ অনুসৰি,বিজেপিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো বিহীত ব্যৱস্থা লোৱা নাই ৷ আনকি, উক্ত অঞ্চল এবাৰো পৰিদৰ্শন নকৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে ৷