মাৰ্ঘেৰিটা, 19 অক্টোবৰ: তিনিচুকীয়া জিলাত অব্যাহত আছে কয়লাৰ চোৰাং সৰবৰাহ ৷ মাৰ্ঘেৰিটা আৰক্ষীয়ে সোমবাৰে জব্দ কৰে দুখন চোৰাং কয়লা ভৰ্তি ট্ৰাক । জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ হৈছে এএচ ০১ জে চি ৫৫৪৫ আৰু এ এচ ২৫ এ চি ১৪৭৬ । জানিব পৰা মতে, পুৱতি নিশা মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ট্ৰাক দুখন । অৰুণাচল প্ৰদেশৰ মেওৰ পৰা চোৰাংভাৱে কয়লা বোজাই কৰি আনি থকা অৱস্থাত ট্ৰাককেইখন জব্দ কৰে । আৰক্ষীৰ চকুত ধূলি দি কয়লাৰ ওপৰত কাঠ দি সৰবৰাহৰ চেষ্টা চলাইছিল চোৰাং কয়লা ব্যৱসায়ীয়ে । আনহাতে, আৰক্ষীৰ জেৰাত কয়লাখিনি শিৱসাগৰৰ দিলীপ সিং আৰু গুৰমিত সিঙৰ বুলি চালকে স্বীকাৰোক্তি দিছে । বৰ্তমান ট্ৰাককেইখন মাৰ্ঘেৰিটা আৰক্ষীৰ জিম্মাত আছে ।
মাৰ্ঘেৰিটাত জব্দ চোৰাং কয়লা ভৰ্তি ট্ৰাক
মাৰ্ঘেৰিটাত জব্দ 2 খন চোৰাং কয়লা ভৰ্তি ট্ৰাক । সোমবাৰে পুৱতি নিশা মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে কয়লা ভৰ্তি ট্ৰাক দুখন ।
মাৰ্ঘেৰিটাত জব্দ চোৰাং কয়লা ভৰ্তি ট্ৰাক