তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী: ক’ত আছে প্ৰাঞ্জল (Laborer missing in Ledu coal mine) ? আজি ডেৰমাহে ধৰি প্ৰাঞ্জলৰ অপেক্ষাত চকুলো টুকিছে পৰিয়ালে ৷ কিন্তু এতিয়াও যেন চকু মুদা কুলিৰ ভাও ধৰিছে ৰজাঘৰীয়াই (Pranjal Moran Missing case) ৷ বুধবাৰে পুনৰ তিনিচুকীয়াৰ প্ৰেছ ক্লাবত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভাই এখন সংবাদমেল সম্বোধন (AMSU Press meet on Pranjal Moran) কৰে ৷
সংবাদমেলত তেওঁলোকে কয়, "প্ৰাঞ্জল মৰাণ কয়লাখনিত কাম কৰিবলৈ গৈ আজিলৈ নিৰুদ্দেশ হৈ আছে ৷ প্ৰাঞ্জল মৰাণ জীৱিত নে মৃত সেই কথা অতি শীঘ্ৰেই ঘোষণা কৰিব লাগে আৰু যদি তেওঁৰ মৃত্যু হৈছেও গোটেই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে ৷ আৰক্ষী প্ৰশাসনে যদিহে গ্ৰেপ্তাৰ কৰিছে তেনেহ’লে সেইটো ৰাজহুৱা কৰিব লাগে ৷ প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে, সংস্থাপন দিব লাগে ৷"
ইয়াৰ লগতে সংবাদমেলখনত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে কয় যে, এই সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতি অতি ৰহস্যজনক ৷ চৰকাৰ, জিলা প্ৰশাসন, ক’ল ইণ্ডিয়াই গুৰুত্বসহকাৰে দায়িত্ব নোলোৱা যেন অনুভৱ হৈছে ৷ প্ৰাঞ্জল মৰাণ জীৱিত আছে নে মৃত্যু হ’ল সেয়াও অৱগত কৰা নাই জিলা প্ৰশাসনে, সেয়া জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে ৷ আনহাতে, লিডুৰ কয়লাখনি পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষীয়ে মৃত্যু হ’ল বুলি জনাইছে ৷ মৃত্যু হোৱা স্থান দেখাইছিল ৷ যদিহে মৃত্যুয়েই হ’ল তেন্তে মৃতদেহ উদ্ধাৰ কৰক আৰু পৰিয়ালৰ হাতত গতাই দিয়ক ৷
সমান্তৰালভাৱে মৃত্যুৰ লগত সম্পৰ্ক থকা লোকসকলক গ্ৰেপ্তাৰ কৰক, আজি পৰ্যন্ত এজাহাৰত নাম সন্নিৱিষ্ট কৰাসকলক গ্ৰেপ্তাৰ নকৰাটো দুৰ্ভাগ্যজনক ৷ যদিহে গ্ৰেপ্তাৰ কৰিছে, তেন্তে এই ঘটনাৰ স’তে জড়িত আৰক্ষীয়ে কাক কাক গ্ৰেপ্তাৰ কৰিলে ৰাজহুৱা কৰক ? জিলা প্ৰশাসনে যদি মৃত্যু হোৱা নাই, জীৱিত অৱস্থাত আছে তেন্তে ঘূৰাই দিয়ক আৰু মৃত্যু হ’ল যদি মৃতদেহ দিয়ক ৷ গতিকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ক্ষিপ্ৰগতিৰে সমাধান কৰক ৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বিহিত ব্যৱস্থা লওক ৷