অসম

assam

By

Published : Apr 23, 2023, 10:38 PM IST

ETV Bharat / state

Heavy Hail storm in Tinsukia : কাল ধুমুহাই মাকুমৰ নাহৰণিত প্ৰাণ ল’লে বহুকেইটা হাইঠা চৰাইৰ

তিনিচুকীয়াত কাল ধুমুহাৰ তাণ্ডৱ ৷ শনিবাৰে নিশা মাকুম নাহৰণিত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা হোৱাৰ ফলত মৃত্যু হয় 30 টাকৈ অধিক পক্ষী (Many birds died in Heavy Hail storm in Tinsukia)৷ লগতে অঞ্চলটোৰ বিস্তৰ ক্ষতি-সাধন হয় ৷

Many birds died in Heavy Hail storm in Tinsukia
তিনিচুকীয়াত কাল ধুমুহাৰ তাণ্ডৱ

তিনিচুকীয়াত কাল ধুমুহাৰ তাণ্ডৱ

তিনিচুকীয়া, ২৩ এপ্ৰিল :শনিবাৰে নিশা অহা এজাক প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল তিনিচুকীয়া জিলাক ৷ এই ধুমুহাৰ ফলত জিলাখনৰ অধিকাংশ অঞ্চলতেই বিস্তাৰ ক্ষতিসাধন হোৱাৰ বাতৰি লাভ কৰা হৈছে (Heavy Hail storm at various place in Tinsukia)৷ বহুতো লোকৰ বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ সমান্তৰালভাৱে অতিপাত শিলাবৃষ্টিয়ে নষ্ট কৰি পেলাই কেবাটাও বাসগৃহৰ টিনপাত ৷ লগতে প্ৰচণ্ড বতাহ-ধুমুহাৰ ফলত বৰ বৰ গছ ভাঙি যোৱাৰ লগতে ঘৰ, গাড়ী, ৰাজহুৱা সম্পত্তি আদিৰো বিস্তৰ ক্ষতিসাধন হয় ৷

ইয়াৰে সমান্তৰালভাৱে পক্ষীকূলৰো বহু ক্ষয়-ক্ষতি হয় ৷ তথ্য অনুসৰি, তিনিচুকীয়া জিলাৰ মাকুম নাহৰণী গাঁৱৰ নিবাসী বিশ্বজিৎ শইকীয়াৰ বাসগৃহৰ বাৰীত থকা এজোপা আম গছত বাহ লোৱা প্ৰায় 30 টাকৈ বিৰল প্ৰজাতিৰ হাইঠা চৰাইৰ মৃত্যু হয় ৷ আনকি প্ৰায় 20 টাকৈ অধিক পক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Many birds died in Heavy Hail storm in Tinsukia) ।

ঘৰুৱা পক্ষীৰ দৰেই দীৰ্ঘদিনৰ পৰা বিশ্বজিৎ শইকীয়াৰ বাৰীৰ আম গছত বাহ সাজি আশ্ৰয় লৈ আছিল প্ৰায় 60-70 টাকৈ বিৰল প্ৰজাতিৰ হাইঠা চৰায়ে ৷ কিন্তু শনিবাৰে নিশা অহা কাল ধুমুহাত আম গছজোপা ভাঙি ঘৰতে পৰাৰ লগতে শিলাবৃষ্টিৰ ফলত আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখত পৰে প্ৰায় 30 টাকৈ বিৰল প্ৰজাতিৰ পক্ষী ৷ এই বিৰল প্ৰজাতিৰ পক্ষীৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে বিশ্বজিৎ শইকীয়াৰ পৰিয়ালৰ লগতে গাঁওবাসীয়েও ৷

ইফালে এই এই ধুমুহাৰ ফলত সম্পূৰ্ণৰূপে নষ্ট হৈ যায় শইকীয়াৰ বাসগৃহটো ৷ এই অঘটনৰ খবৰ লাভ কৰি দেওবাৰে দিনৰ ভাগত শইকীয়াৰ বাসগৃহত উপস্থিত হয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ৷ বিধায়কগৰাকীয়ে সমগ্ৰ পৰিস্থিতিটো নিৰিক্ষণ কৰাৰ লগতে বিশ্বজিৎ শইকীয়াৰ পৰিয়ালৰ লোকৰ সৈতেও বাৰ্তালাপ কৰে পৰিস্থিতিৰ বুজ লয় ৷

আনহাতে, জিলাখনত হোৱা প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন প্ৰান্তত বিদ্যুতৰ খুঁটাও ভাঙি যায় ৷ ফলত শনিবাৰৰ পৰা অধিকাংশ অঞ্চলতেই বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে ৷ বিদ্যুৎ বিভাগ, জৰুৰীকালীন বিভাগৰ লোক 24 ঘণ্টাই ব্যস্ত হৈ আছে যদিও ক্ষতিৰ পৰিমাণ অধিক হোৱাৰ কাৰণে বাতৰি যুগুত কৰা পৰ্যন্ত সকলো অঞ্চলতে বিদ্যুতৰ সংযোগ দিব পৰা হোৱা নাই ৷ যাৰ বাবে অধিকাংশ অঞ্চল এতিয়াও অন্ধকাৰময় হৈ আছে ৷

লগতে পঢ়ক :Bat preserve at Dhakuakhana: এজাক বাদুলী আৰু দুজন ভাতৃৰ 20 বছৰীয়া প্ৰকৃতি প্ৰেমৰ এক অনন্য কাহিনী

ABOUT THE AUTHOR

...view details