অসম

assam

ETV Bharat / state

পত্নী-কন্যাক হত্যা কৰি অৱশেষত হত্যাকাৰীৰো মৃত্যু ৰাইজৰ প্ৰহাৰত - ডুমডুমাত পত্নীসহ নিজ কন্যাক ডিঙি কাটি হত্যা

তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড ৷ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ স্বামীয়ে হত্যা কৰিলে পত্নীসহ কন্যাক ৷ দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত বাস কৰা জিতেন চাওঁতাল নামৰ ব্যক্তি গৰাকীয়ে পত্নীসহ নিজ কন্যাক ডিঙি কাটি হত্যা কৰে ৷

নিজ পত্নী কন্যাক হত্যা কৰি ৰাইজৰ প্ৰহাৰত হত্যাকাৰীৰো মৃত্যু
নিজ পত্নী কন্যাক হত্যা কৰি ৰাইজৰ প্ৰহাৰত হত্যাকাৰীৰো মৃত্যু

By

Published : Jan 9, 2021, 3:42 PM IST

Updated : Jan 9, 2021, 4:02 PM IST

ডুমডুমা, 9 জানুৱাৰী: তিনিচুকীয়াত স্বামীৰ হাতত পত্নী আৰু কন্যাই মৃত্যুক সাৱটি লোৱাৰ এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ৷ তিনিচুকীয়াৰ ডুমডুমাৰ দৈদাম চাহ বাগিছাৰ গুৰগুৰি লাইনত এই হত্যাকাণ্ড সংঘটিত হৈছে ৷

পত্নীসহ নিজ কন্যাক জিতেন চাওঁতাল নামৰ ব্যক্তি গৰাকীয়ে ডিঙি কাটি হত্যা কৰে

প্ৰাপ্ত তথ্য অনুসৰি দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত বাস কৰা জিতেন চাওঁতাল নামৰ লোকজনে পত্নী সুষমা চাওঁতাল সহ চাৰি বছৰীয়া কন্যা জোনালী চাওঁতালক ডিঙি কাটি হত্যা কৰে ৷ পত্নী-কন্যাক হত্যা কৰাৰ পাছতেই ৰাইজৰ প্ৰহাৰত হত্যাকাৰী জিতেন চাঁওতালেও মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে ৷

নিচাসক্ত অৱস্থাত কোনো পাৰিবাৰিক কাৰণত পত্নী কন্যাক অভিযুক্ত জিতেন চাঁওতালে হত্যা কৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজ উত্তেজিত হৈ হত্যাকাৰী জিতেনক ধৰি মাৰপিট কৰাৰ পাছতে জিতেন চাঁওতালৰো মৃত্যু হয় ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে হত্যাকাৰী জিতেন প্ৰায় এবছৰ পূৰ্বে মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত হৈ পৰিছিল ৷ ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক

Last Updated : Jan 9, 2021, 4:02 PM IST

ABOUT THE AUTHOR

...view details