জাগুন, 30 এপ্ৰিলঃ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰামপুৰ ছয় মাইল গাঁৱত সোমবাৰে নিশা প্ৰায় ১২:৩০ বজাত এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় । অঞ্চলটোৰ ৰাইজৰ অভিযোগ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ অভাৱত জনাঞ্চললৈ জাকে জাকে বনৰীয়া হাতী আহি প্ৰায়ে গাৱঁৰ মানুহক অত্যাচাৰ কৰি আহিছে ।
জাগুনত বন্যহস্তীৰ তাণ্ডব, কুম্ভকৰ্ণ নিন্দ্ৰাত বন বিভাগ
জাগুনত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডব, একেনিশাই কেইবাটাও ঘৰ লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে
জাগুনত বন্যহস্তীৰ তাণ্ডব
আৰু পঢ়কঃ বিশ্বনাথত সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে সাংবাদিক সংগঠনৰ প্ৰতিবাদ
তেনেস্থলত সোমবাৰে নিশা জাগুন ৰামপুৰ নিবাসী ক্ৰমে লোক নাথ শৰ্মা আৰু গোবিন্দ শৰ্মা নামৰ লোককেইজনৰ বাসগৃহ ধ্বংস কৰে এটা বনৰীয়া মখনা হাতীয়ে । হাতীৰ আক্ৰমণত কথমপি ৰক্ষা পৰে লোককেইজন ৷ বন বিভাগে বনৰীয়া হাতী ৰোধ কৰিবলৈ কোনো ধৰণৰ ভূমিকা হাতত নোলোৱাত এতিয়া নিদ্ৰাহীনতাত ভুগিছে স্থানীয় ৰাইজ ।