তিনিচুকীয়া, 11 এপ্ৰিল : পেঙেৰীত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ ৷ শনিবাৰে সন্ধিয়া ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তৰাণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকৰ আক্ৰমণত প্ৰাণ গ‘ল ১ নং ডিব্ৰুজানৰ যোচেফ খাৰিয়া নামৰ লোকজনৰ ৷
পুপুলাজান পৰা স্ব-গৃহ অভিমুখে আহি থাকোতে বনাঞ্চলৰ মাজত হাতীৰ জাকটোৰ মুখামুখি হয় লোকজন ৷ যাৰ পাছতে হাতীৰ জাকৰ আক্ৰমণত থিতাতে নিহত হয় লোকজন ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷