তিনিচুকীয়া,26 ছেপ্তেম্বৰঃ ডিগবৈ গোপনাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু ৷ গোপনাৰী ১নং অসমীয়া গাঁৱত অৱস্থিত পাটকাই ৰিজ’ৰ্টত কৰ্মৰত মংগল ওৰাং নামৰ কৰ্মচাৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতি লয় ৷ তেখেতক ৰিজৰ্টৰ অন্যান্য় কৰ্মচাৰীসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মংগল ওৰাঙক ৷ ইয়াৰ পিছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ডিগবৈ আৰক্ষীয়ে ৷
ডিগবৈ গোপনাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু - পাটকাই ৰিজৰ্ট
গোপনাৰী ১নং অসমীয়া গাঁৱত অৱস্থিত পাটকাই ৰিজ’ৰ্টৰ মংগল ওৰাং নামৰ কৰ্মচাৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতি লয় ৷ তেখেতক ৰিজ’ৰ্টৰ অন্যান্য় কৰ্মচাৰীসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মংগল ওৰাঙক ৷
ডিগবৈ গোপনাৰীত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু
আনহাতে, কৰ্তব্যৰত অৱস্থাতে মঙল ওৰাঙৰ মৃত্যু হোৱা বাবে তেখেতৰ পৰিয়ালবৰ্গৰ ভৰণ পোষণৰ ব্যৱস্থা ৰিজৰ্টৰ স্বত্বাধিকাৰী তথা আলোচনাপন্থী আলফা নেতা জিতেন দত্তক লোৱাৰ বাবে দাবী উত্থাপন কৰে আটছা আৰু আদিবাসী ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক-সজাগতাৰ প্ৰয়াসেৰে প্ৰত্যয়ৰ যাত্ৰা