মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
পথ অৱৰোধৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আটছা মাকুম শাখা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ডুমডুমা,4 ডিচেম্বৰঃ৩০ নবেম্বৰৰ নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ১২ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপিত হোৱা পবিত্ৰ দাস আৰু গৌতম চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীত শুকুৰবাৰে মাকুমত আটছাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷