অসম

assam

Theft nabbed at Makum: চুৰি কৰি আহোঁতেই পুলিচে ল’লে খেদা, হাবিলৈ ফাঁহি চিটিকা চোৰৰ

By

Published : Feb 19, 2023, 1:53 PM IST

মাকুম লাংকাছি আৰক্ষীৰ অইলৰ চুৰি সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ (Makum Lankasi Police)। আৰক্ষীয়ে পলায়ন কৰা দুটা চোৰক খেদি খেদি কৰায়ত্ত কৰে । কেইবাটাও চোৰ পলাতক অৱস্থাতে আছে ।

Stolen goods of Oil India Limited seized in Makum
হেবেদা গাঁৱত চুৰি সামগ্ৰী জব্দ

হেবেদা গাঁৱত চুৰি সামগ্ৰী জব্দ

তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী: তিনিচুকীয়া, দুলীয়াজানৰ অইল ইণ্ডিয়া অধ্যুষিত অঞ্চলত একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে তেল চুৰিৰ লগতে অইলৰ লোহা তথা বিভিন্ন সামগ্ৰীৰ চুৰি কাৰ্য (Oils iron theft in Duliajan) ৷ এই চুৰি চক্ৰটোৱে বিগত সময়ছোৱাত তিনিচুকীয়া জিলাৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড়ত দিন দুপৰতেই এনে চুৰি কাৰ্য চলাই আহিছে ৷ অইলৰ নিৰাপত্তাৰক্ষীৰ লগতে দুয়োখন জিলাৰ আৰক্ষীয়ে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই আছে । ইয়াৰ মাজতেই শনিবাৰে মাকুম লাংকাছি আৰক্ষীৰ জালত পৰিল দুটা চোৰ (Police search operation against iron theft)।

মাকুম লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত হেবেদা গাঁৱত শনিবাৰে নিশা এই চুৰি চক্ৰটোৱে চুৰি কাৰ্য সংঘটিত কৰা সময়তেই আৰক্ষীৰ জালত পৰিল দুই চোৰ (Makum Lancasi Police Station)। মাকুম লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাই এই সন্দৰ্ভত সদৰি কৰা অনুসৰি হেবেদা টিংৰাই বঙালী গাঁৱৰ সমীপত আৰক্ষীৰ দলটোৱে তহল দি থকাৰ সমসতে AS23 CC8385 নম্বৰৰ এখন বাহনৰ পৰা অইল ইণ্ডিয়া লিমিটেডত ব্যৱহৃত চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Two theft arrested in Makum)।

আৰক্ষীৰ দলটোক দেখি এই চালকে বাহনখন তীব্ৰ বেগত চলাবলৈ ধৰে ৷ আৰক্ষীয়ে ইয়াৰ পিচ লোৱাত বাবনখনৰ চালকে তেওঁৰ বাসগৃহত সোমায় । ইয়াৰ পিচতেই বাহনত থকা চোৰকেইটাই পলাবলৈ চেষ্টা কৰে (Stolen goods of Oil India Limited seized in Makum) ৷ আৰক্ষীয়ে পলায়ন কৰা দুটা চোৰক খেদি খেদি হাবিত কৰায়ত্ত কৰে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ অৱশ্য়ে আন কেইটা চোৰে নিশাৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় ।

ধৃত চোৰ দুটা হৈছে ক্ৰমে মাকুম ওৰাং বস্তিৰ শচীন তাঁতী আৰু অজয়‌ গড় । ইফালে, উক্ত ঘটনাৰ সৈতে আৰু কেইবাজনো লোক জড়িত আছিল বুলি চোৰ দুটাই আৰক্ষীক স্বীকাৰোক্তি দিয়ে ৷ দুয়োটা চোৰেই দীৰ্ঘ দিনৰ পৰাই এই কাৰ্যত জড়িত হৈ আহিছে । ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে লাংকাছি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে (Oil India Limited files FIR at Lancasi police station) ৷

লগতে পঢ়ক:Bhupen borah vs Piyush Hazarika: সমুখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্রী পীয়ূষ হাজৰিকা

ABOUT THE AUTHOR

...view details